দৈনিক জীৱনৰ সকলোতকৈ ডাঙৰ সমস্যাসমূহৰ মাজত এটা হৈছে খুচুৰা পইছাৰ অভাৱ৷ বাছত উঠিলে, সৰু দোকানত ক্ৰয় বিক্ৰয় কিংবা অটোভাড়া আদি দিবলৈ গৈ প্ৰায়েই সমস্যাত পৰিব লগা হয়৷ এই অসুবিধা দূৰ কৰিবলৈ এইবাৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পথত আগুৱাইছে ভাৰতীয় ৰিজাৰ্ভ বেংক৷
১০, ২০, ৫০ টকীয়া নোট ওলোৱা বিশেষ এটিএম যাৰ নাম দিয়া হৈছে হাইব্ৰীড এটিএম আৰম্ভ কৰাৰ সিদ্ধান্ত RBIৰ৷ এটিএমৰ পৰা ১০, ২০ আৰু ৫০ টকাৰ নোট উঠাব পাৰিব৷ কেৱল সেয়াই নহয় এটিএমত ডাঙৰ নোট খুচুৰা কৰাৰ সুবিধাও দিয়াৰ কথা ভৱা হৈছে৷
অৰ্থাৎ আপুনি যদি ৫০০ বা ২০০ টকাৰ নোট এটিএমত জমা দিয়ে তেতিয়া সেই নোট ভাঙি সৰু নোট উভতাই দিব মেছিনে৷ এক কথাত একেই এটিএমৰ পৰাই সৰু সৰু নোট পোৱা যাব৷ ডাঙৰ নোট ভঙাৰ সমস্যাও দূৰ হব৷ এই দ্বিমুখী সুবিধাৰ কাৰণেই এই নতুন প্ৰজন্মৰ এটি এটিএমসমূহক কোৱা হৈছে হাইব্ৰিড এটিএম৷
ৰিজাৰ্ভ বেংক সুত্ৰৰ খবৰ অনুসৰি মুম্বাইত ইতিমধ্যেই এই হাইব্ৰিড এটিএমৰ পাইলট প্ৰকল্পৰ কাম আৰম্ভ হৈছে৷ পৰীক্ষামূলকভাৱে এই প্ৰকল্প সফল হ’লে ধাপে ধাপে দেশজুৰি আৰম্ভ কৰা হ’ব এই নতুন এটিএম পৰিসেৱা৷ প্ৰাথমিক পৰ্যায়ত ডাঙৰ চহৰৰ জনবহুল এলেকা, বাছটেণ্ড, ব্যস্ত ৰে’লষ্টেচনৰ আশেপাশে এই হাইব্ৰিড এটিএম বহুওৱা হব৷ পাছত সেয়া দেশৰ অন্যান্য এলেকাতো সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা আছে৷
আৰ বি আই সূত্ৰই জনাইছে বৰ্তমান দেশত চলি থকা নগদৰ বৃহৎ অংশই ৫০০টকীয়া নোট৷ তুলনামূলকভাৱে ১০০ আৰু ২০০ টকাৰ নোটৰ সংখ্যাও কম আৰু ১০,২০ আৰু ৫০ টকাৰ নোটৰ স্থানো অত্যন্ত সীমিত৷ সেই কাৰণেই আগন্তুক দিনত এই সৰু মূল্যমানৰ নোট ছপা কৰাৰ পৰিমাণ বঢ়োৱাৰ দিশত নজৰ দিব পাৰে দেশৰ শীৰ্ষ বেংকে৷ সকলো মিলি হাইব্ৰিড এটিঁএম আৰম্ভ হ’লে সাধাৰণ মানুহৰ দৈনন্দিন খুচুৰা টকাৰ অভাৱৰ সমস্যা কমিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















