এটা সময়ত বিশ্ব ক্ৰিকেটৰ ২২ গজৰ ক্ৰিজত সকলো বেটছমেনৰ বাবেই তেওঁ আছিল মূৰৰ কামোৰণি৷ ধুমুহাৰ গতিৰ বলিঙিৰে বিপক্ষৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰিছিল তেওঁ৷ এসময়ত বিশ্বৰ সৰ্বাধিক দ্ৰুততম বেগী বলাৰৰূপেও খ্যাতি আছিল তেওঁৰ৷
তেওঁ হৈছে ৰাৱালিপিণ্ড এক্সপ্ৰেছ খ্যাত পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখটাৰ৷ ঘণ্টাত প্ৰায় ১০০ মাইলৰ গতিত বলিং কৰি বিশ্ব ক্ৰিকেটৰ ২২ গজৰ ক্ৰিজত তাণ্ডৱ সৃষ্টি কৰি বিপক্ষৰ বেটিং লাইনআপ তছনছ কৰা এই ছোৱেইব আখটাৰ এতিয়া যেন ভাগৰুৱা তথা অৱসাদক্লিষ্ট৷
ক্ৰিকেটৰ খেলপথাৰত প্ৰচণ্ড গতিৰ বাবে বিখ্যাত এই ছোৱেইব আখটাৰে এতিয়া নিজৰ বাবে অনুৰাগীৰ পৰা প্ৰাৰ্থনা কামনা কৰিছে৷ বিশ্ববিশ্ৰুত পাকিস্তানৰ এই প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কৈছে যে তেওঁ অশেষ কষ্ট ভোগ কৰি আছে আৰু সেই কষ্টৰ পৰা তেওঁক মুক্তি লাগে!
লগতে পঢ়ক সাগৰৰ পাৰত বিশাল আকাৰৰ অদ্ভুত জীৱ আৱিষ্কাৰ!দেখি স্তম্ভিত হ’ল সমগ্ৰ নেট-নাগৰিক!
অত্যন্ত শক্তিশালী, পেশীবহুল দেহৰগৰাকী ছোৱেইব আখটাৰ এতিয়া বিষত জৰ্জৰিত৷ উল্লেখ্য যে ৪৬ বছৰীয়া পাকিস্তানৰ এই বেগী বলাৰগৰাকীয়ে আঁঠুৰ বিশেষ অসুখত ভুগি আহিছিল৷ ইয়াৰ পৰা উপশম লাভ কৰিবলৈ ক্ৰিকেটাৰগৰাকীয়ে যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ এখন চিকিৎসালয়ত আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰোৱায়৷ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হ’লেও প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে তীব্ৰ বিষত আক্ৰান্ত হৈ আছে৷
ইয়াৰ পিছতে ছোৱেইব আখটাৰে চিকিৎসালয়ৰ বিচনাৰ পৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প’ষ্ট কৰে। নিজৰ আশুআৰোগ্য কামনাৰে প্ৰাক্তন ক্ৰিকেটাৰ আখটাৰে ভিডিঅ’টোত অনুৰাগীসকলক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে। ভিডিঅ’টোত তেওঁ লগতে কয় যে তেওঁ বহুত কষ্টত আছে আৰু শীঘ্ৰেই আৰোগ্য লাভৰ বাবে অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনা দুয়োটাৰেই প্ৰয়োজন।
লগতে পঢ়ক টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
উল্লেখ্য যে যোৱা ১১ বছৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে আঁঠুৰ যন্ত্ৰণাত ভুগি আহিছে৷ এই বিষে প্ৰায়ে কোঙা কৰি তোলা আখটাৰে ইয়াৰ পূৰ্বে পাঁচবাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে যদিও সম্পূৰ্ণ আৰোগ্য হৈ উঠা নাই৷
‘‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো বিগত ১১ বছৰ ধৰি মই বহু যন্ত্ৰণা ভুগি আহিছো। মই আৰু চাৰি-পাঁচ বছৰ খেলিব পাৰিলোহেতেন। কিন্তু মই সচেতন আছিলো যে মই এনে কৰিলে মোৰ জীৱনটো হুইল চেয়াৰত বন্দী হৈ পৰিব। সেইবাবেই মই ক্ৰিকেটৰ পৰা অৱসৰ লৈছিলো।’’ আখটাৰে লগতে কয়৷
উল্লেখ্য যে পাকিস্তানৰ দ্ৰুত বলিং কিংবদন্তি ছোৱেইব আখটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৬ খন টেষ্টত ১৭৮টা, ১৬৩খন এদিনীয়া খেলত ২৪৭টা আৰু ১৫খন T20 ইণ্টাৰনেশ্যনেলত ১৯ টা উইকেট দখল কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















