অসম লাইভ২৪ঃ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ মনোনয়নৰ পৰ্যবেক্ষণৰ বাবে অলপতে চৰাইদেউৰ মৈদামক্ষেত্ৰলৈ অহা ইউনেস্ক’ৰ বিশেষজ্ঞ গৰাকীৰ বাতৰি এইকেইদিন সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে প্ৰচাৰ আৰু প্ৰকাশ হোৱা আমি লক্ষ্য কৰিছিলোঁ।প্ৰায়ভাগ বাতৰিতে বিশেষজ্ঞ গৰাকীয়ে প্ৰতিনিধিত্ব কৰা ICOMOS নামৰ সংস্থাটোক ইউনেস্ক’ৰ বিশেষ শাখা বা সংস্থা বুলি কোৱা হৈছে। কিন্তু তথ্যটো প্ৰকৃততে সত্য নে?
চমুকৈ ইংৰাজীত ICOMOS ৰ অৰ্থ হ’ল, International Council on Monuments & Sites. ফ্ৰান্সৰ পেৰিছত মুখ্য কাৰ্যালয় থকা ICOMOS নামৰ সংস্থাটো প্ৰকৃততে বিশ্বজুৰি থকা এটা স্বতন্ত্ৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন। আমাৰ বাতৰিসমূহত কোৱাৰ দৰে ই ইউনেস্ক’ৰ অধীনস্থ কোনো বিশেষ শাখা বা সংস্থা নহয় ! ১৯৬৪ চনৰ ভিয়েনা চনদ(Charter of Venice) অনুসৰি ১৯৬৫ চনত এই সংস্থাটো গঠন কৰা হয়।
বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কোনো ইতিহাস বিজড়িত কীৰ্তিচিহ্ন, ভৱন, অট্টালিকা বা ঐতিহাসিক স্থানক সংৰক্ষণ কৰি ৰক্ষণাবেক্ষণৰ উৎসাহ যোগাই এই সম্পদসমূহৰ প্ৰচাৰ কৰাটোৱেই এই সংস্থাটোৰ মূল উদ্দেশ্য। এই সংস্থাটো বিশ্বৰ বিভিন্ন দেশৰ ইতিহাসবিদ, পুৰাতত্ত্ববিদ, স্থপতিবিদ, ভূগোলবিদ, কলা ইতিহাস বিশেষজ্ঞ, নৃতত্ববিদ, অভিযন্তা আৰু নগৰ পৰিকল্পনাকাৰী সকলৰ এক কথাত মিলনস্থলী।ইউনেস্ক’ৰ লগত ICOMOS ৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও ইউনেস্ক’ৰ World Heritage Committee খনৰ ই এটা পৰামৰ্শদাতা সংস্থা(advisory body)। ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ স্বীকৃতিৰ পূৰ্বে সাধাৰণতে সাংস্কৃতিক সম্পদ সমূহৰ মূল্যায়নৰ ক্ষেত্ৰত ICOMOS ৰ বিশেষজ্ঞৰ প্ৰতিবেদনৰ যথেষ্ট গুৰুত্ব আছে।
ICOMOS এ অতি উচ্চ নৈতিক মূল্যবোধেৰে সম্পূৰ্ণ স্বতন্ত্ৰ ভাৱে নিজৰ কাৰিকৰী জ্ঞান প্ৰদান কৰে। তেনেদৰে প্ৰাকৃতিক সম্পদ সমূহৰ ক্ষেত্ৰত মূল্যায়নৰ দায়িত্ব দিয়া হৈছে আন এটা এনে পৰামৰ্শদাতা সংস্থা IUCN (International Union for Conservation of Nature) ক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ICOMOS ৰ এখন উচ্চক্ষমতা সম্পন্ন কাৰ্যকৰী সমিতি থকাৰ উপৰিও বিশ্বৰ ১১৩ খন ৰাষ্ট্ৰত এই সংস্থাটোৰ একোখনকৈ ৰাষ্ট্ৰীয় সমিতি আছে। আমাৰ ভাৰততো এই সংস্থাটোৰ এখন ৰাষ্ট্ৰীয় সমিতি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ