যদি কোনোৱে ২৩ বছৰৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰত চাকৰি লাভ কৰে তেন্তে পৰবৰ্তী ৪ৰ পৰা ৫ বছৰেই স্থিতিশীল হোৱাৰ বাবে যথেষ্ট৷ চাকৰি লাভৰ ৫ বছৰৰ পাছৰ পৰা নিজৰ দৰমহাৰ ওপৰত নিৰ্ভৰ কৰি দীৰ্ঘম্যাদি এক ভাল স্কিমত বিনিয়োগ কৰাৰ কথা ভৱা উচিত৷ যদি কোনোৱে নিজৰ উন্নত ভৱিষ্যতৰ কথা ভাৱি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰে তেন্তে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড খুবেই কাৰ্যকৰ হব পাৰে৷ ইয়াৰ মাধ্যমেৰে ডাঙৰ কৰ্পাছ গঢ়িবলৈ প্ৰাথমিক অৱসৰৰ পৰিকল্পনাও আপুনি কৰিব পাৰে৷ লগতে অৱসৰৰ পাছতো নিয়মিত আয়ৰ ব্যৱস্থাও কৰিব পাৰে৷
পাব্লিক প্ৰভিডেণ্ট ফাণ্ড হৈছে দীৰ্ঘম্যাদি বিনিয়োগৰ বাবে তৈয়াপ কৰা এটা চৰকাৰী স্কিম৷ ই দৰমহাভোগী শ্ৰেণীৰ মাজত বিশেষভাৱে জনপ্ৰিয়৷ পিপিএফৰ ম্যাদ ১৫ বছৰ৷ কিন্তু বিনিয়োগকাৰীয়ে যদি বিচাৰে তেন্তে এয়া আৰু ৫ বছৰলৈ বঢ়াইয়ো লব পাৰে৷ অৰ্থাৎ চাকৰিৰ সময়কালত এই স্কিম বজায় ৰাখিব পাৰে৷ কোনোৱে যদি এক্সটেনছন সম্পৰ্কিয় এই নিয়ম সঠিকভাৱে পালন কৰে তেন্তে ভৱিষ্যতে আৰ্থিকভাৱে বহুকাংশেই সুৰক্ষিতও হব পাৰে৷
পিপিএফ কেলকুলেটৰঃ ২৮ বছৰৰ পৰা ৫৩ বছৰৰ যাত্ৰাত কিমান টকাৰ কৰপাছ আপুনি গঢ়িব পাৰে?
২৮ বছৰ বয়সত এটা পিপিএফ একাউণ্ট খুলি ৫৩ বছৰ পৰ্যন্ত এয়া চলাই ৰখাৰ অৰ্থ হৈছে ১৫ বছৰৰ ম্যাদ শেষ হোৱাৰ পাছত দুবাৰ ৫ বছৰকৈ এই বিনিয়োগ বঢ়োৱা
এক আৰ্থিক বছৰত জমাঃ ১. ৫০ লাখ টকা৷
সুদৰ হাৰঃ বাৰ্ষিক ৭.১শতাংশ৷
১৫ বছৰত মুঠ জমাঃ ২২,৫০,০০০টকা৷
১৫ বছৰৰ পাছত মুঠ তহবিলঃ ৪০,৬৮,২০৯ টকা৷
দুবাৰ বঢ়োৱাৰ ক্ষেত্ৰত-
২৫ বছৰত মুঠ জমাঃ ৩৭,৫০,০০০ টকা৷
২৫ বছৰ পাছত লাভ কৰিবঃ ১.০২ কোটি টকা৷
পিপিএফ একাউণ্টত সময় বঢ়োৱাৰ সুবিধা কি কি?
এই সঞ্চয় প্ৰকল্পটো বঢ়োৱাৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে অৱসৰ গ্ৰহণ পৰ্যন্ত ইয়াৰ মাধ্যমেৰে এটা ডাঙৰ কৰ্পাছ তৈয়াৰ কৰা৷ যি ১ কোটি টকাও হব পাৰে৷ ইয়াৰ সৈতে অৱসৰ গ্ৰহণৰ সময়ত পিপি এফ একাউণ্টৰ পৰা ভাল পৰিমাণে ধন লাভ কৰিব পাৰে৷ এই পৰিস্থিতিত নিজৰ বাৰ্ধক্য সম্পূৰ্ণৰূপে দুশ্চিন্তামুক্ত হব৷
দ্বিতীয় সুবিধা হৈছে ১৫ বছৰৰ ম্যাদপূৰ্তিৰ পাছত অথৱা ২০ বছৰ ধৰি এই স্কিমটো চলোৱাৰ পাছত অথৱা ২৫ বছৰ ধৰি স্কিমটো চলোৱাৰ পাছত কোনোৱে যদি বিচাৰে যে বিনিয়োগ অবিহনেই সময় বঢ়াই লওঁ তেন্তে ইয়াৰমাধ্যমেৰে ১৫ বছৰ, ২০ বছৰ বা ২৫ বছৰ পাছত ক্লোজিঙত ১ কোটি টকা আপুনি লাভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ