অনন্য ভাৰতীয় যুৱতী, ৰেকৰ্ড গঢ়ি দ্বিতীয়বাৰৰ বাবে জয় কৰিলে আণ্ডাৰ ১৯ বিশ্বকাপ খিতাপ
ভাৰতীয় মহিলা ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস ৰচিলে। এই প্ৰতিযোগিতাখন ২০২৩ চনৰ পৰা আৰম্ভ হৈছিল আৰু ভাৰতীয় দলটোৱে প্ৰথম সংস্কৰণত জয়লাভ কৰিছিল।
প্ৰথমবাৰ আণ্ডাৰ ১৯ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটো শ্বেফালী ভাৰ্মা অধিনায়কত্বত আছিল। এতিয়া দুবছৰৰ পাছত প্ৰতিযোগিতাখনৰ দ্বিতীয় সংস্কৰণত নিকি প্ৰসাদৰ অধিনায়কত্বত ভাৰতীয় দলটো একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয়।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ দলে ২০ অভাৰত মাথো ৮২ ৰান কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত ১১.২ অভাৰত এটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় টিম ইণ্ডিয়া।
২০২৩ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ ছিনিয়ৰ আৰু জুনিয়ৰ মহিলা দলৰ ঘৰলৈ আহিছে আই চি চিৰ ট্ৰফী। ফাইনেলত গংগাদী তৃষাই অল ৰাউণ্ড প্ৰদৰ্শন আগবঢ়ায়। তিনিটা উইকেট লোৱাৰ উপৰি তেওঁ অপৰাজিত সৰ্বাধিক ৪৪ ৰান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















