কেৱল ৩ মুছলিম দেশৰ বাহিৰে সমগ্ৰ বিশ্বই লগ দিছে ভাৰতৰ অপাৰেচন সিন্দূৰ অভিযানত
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছত ভাৰতে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে প্ৰথমটো প্ৰতিশোধ লয়। এই অভিযানৰ অধীনত পাকিস্তান আৰু প’কত থকা ৯টা সন্ত্ৰাসবাদী ঘাটিত ৬-৭ মে’ৰ নিশা আক্ৰমণ কৰে ।
ভাৰতৰ এই অভিযানত আমেৰিকা, ইজৰাইল আৰু ফ্ৰান্সৰ দৰে দেশসমূহে সমৰ্থন কৰাৰ বিপৰীতে মুছলিম দেশ তুৰস্ক, আজাৰবাইজান আৰু কাটাৰে পাকিস্তানৰ সপক্ষে বিবৃতি প্ৰকাশ কৰে।
তুৰস্কই পাকিস্তানৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি ভাৰতৰ এই পদক্ষেপক যুদ্ধৰ ভাবুকি বুলি অভিহিত কৰে। কাটাৰে দুয়োপক্ষক সংযম কৰি কূটনৈতিক সমাধান বিচাৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে, ভাৰতে স্পষ্টকৈ কৈছিল যে অপাৰেচন সিন্দূৰত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানক লক্ষ্য কৰি লৈছিল, য’ত পাকিস্তানৰ কোনো সামৰিক বা অসামৰিক স্থানত কোনো আক্ৰমণ কৰা হোৱা নাছিল।
ভাৰতৰ এই কাৰ্যক লৈ আজাৰবাইজানেও নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ আমি চিন্তিত। পাকিস্তানৰ ওপৰত কৰা সামৰিক আক্ৰমণক আমি গৰিহণা দিছো’।
আনহাতে আমেৰিকা, ইজৰাইল আৰু ইউৰোপীয় দেশসমূহে ভাৰতৰ এই কাৰ্যক এক নিখুঁত আৰু সংযত পদক্ষেপ বুলি অভিহিত কৰি প্ৰশংসা কৰে। ভাৰতে স্পষ্ট কৰি দিছিল যে এই আক্ৰমণ কোনো পাকিস্তানী অসামৰিক, সামৰিক বা অৰ্থনৈতিক প্ৰতিষ্ঠানৰ ওপৰত নহয়। কেৱল জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীনৰ দুৰ্গবোৰক লক্ষ্য কৰি লোৱা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















