কোন কোন খেলুৱৈ T20 ৰ প্লেইং ১১ ত থকাৰ সম্ভাৱনা, বাদ পৰিব ৪ জন
ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰথম ৩খন টি-২০ শৃংখলা। এই শৃংখলাৰ প্ৰথমখন খেল অহা ২৭ জুলাইত অনুষ্ঠিত হ’ব। যাৰ বাবে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে নেটত নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰসহ অনুশীলন কৰি আছে।
২৩ জুলাই মঙলবাৰে নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ নেতৃত্বত টিম ইণ্ডিয়াই প্ৰথম অনুশীলন কৰে। য’ত সকলো খেলুৱৈয়ে বহু সময় ধৰি অনুশীলন কৰে। পাছে এতিয়া ডাঙৰ প্ৰশ্ন হ’ল ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবীন্দ্ৰ জাডেজা আৰু যশপ্ৰীত বুমৰাহ নথকাত টিম ইণ্ডিয়াৰ প্লেইং ১১ত কোন কোন খেলুৱৈ থাকিব।
এইবাৰ টিম ইণ্ডিয়াই কেইবাখনো নতুন চেহেৰা লৈ শ্ৰীলংকা ভ্ৰমণত উপনীত হৈছে, তাতে আৰু টি-২০ ছিৰিজত টিম ইণ্ডিয়াৰ কমাণ্ড সূৰ্যকুমাৰ যাদৱৰ হাতত। খবৰ অনুসৰি প্ৰথমখন মেচৰ প্লেইং ১১ত প্ৰায় প্ৰশিক্ষক আৰু অধিনায়কৰ অনুমোদন পোৱা গৈছে। যাৰ ফলত এতিয়া ৪ জন খেলুৱৈক প্লেইং ১১ পৰা বাদ দিয়া হব। পাছে কোন কোন এই ৪ খেলুৱৈ
যশস্বী জয়ছৱাল আৰু শুবমান গিলক প্ৰথম টি-২০ মেচত অ’পেনিং কৰা দেখা যাব। অধিনায়ক সূৰ্যকুমাৰ যাদৱে তিনি নম্বৰত খেলিব, আনহাতে ঋষভ পণ্টে চাৰি নম্বৰত বেটিং কৰিব পাৰিব সেয়া নিশ্চিত বুলি বিবেচিত হৈছে। ইয়াৰ পিছত দেখা যাব হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, আৰ্শদীপ সিং আৰু মহম্মদ চিৰাজ।
নতুন চেহেৰা হিচাপে ৰিয়ান পৰাগ, সঞ্জু চেমছন, ৱাশ্বিংটন সুন্দৰ আৰু মুকেশ কুমাৰকো টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়াত নিৰ্বাচিত কৰা হৈছে। কিন্তু এতিয়া খবৰ অনুসৰি এই চাৰিজন খেলুৱৈৰ বাবে প্ৰথমখন মেচৰ প্লেইং ১১ত সুযোগ পোৱাটো অতি কঠিন হৈ পৰিছে।
কিন্তু যদিহে ছিৰিজত একেৰাহে দুখন মেচত জয়লাভ কৰি টিম ইণ্ডিয়াই অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে, তেন্তে এই চাৰিজন খেলুৱৈক তৃতীয় আৰু শেষৰ টি-২০ মেচৰ প্লেইং ১১ অন্তৰ্ভুক্ত কৰিব পৰা যাব।
সাম্ভাব্য প্ৰথম টি-২০ মেচৰ বাবে প্লেয়িং ১১-
শুভমান গিল, যশস্বী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, আৰ্ষদীপ সিং আৰু মহম্মদ চিৰাজ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















