অসম লাইভ২৪ঃ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালতেই অৱশেষত অস্ত্ৰোপছাৰ সম্পন্ন হ’ল ঋষভ পন্থৰ৷ দুৰ্ঘটনাত ভৰিৰ বাওঁ ভৰিৰ আঁঠুৰ লিগামেণ্ট চিঙিছিল ঋষভ পণ্টৰ৷ হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে শুকুৰবাৰে দিনত ৪ ঘণ্টাজোৰা অপাৰেছন সম্পন্ন হৈছে ঋষভৰ৷ অস্ত্ৰোপছাৰ সম্পন্ন কৰিছে ডাক্তৰ দীনেশ পাৰদিওৱাল আৰু তেওঁৰ দলে৷ কোকিলাবেন হাস্পতালত এই জটিল অস্ত্ৰোপছাৰ সম্পন্ন হৈছে ঋষভৰ৷ ঋষভৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব বিচিচিআইয়ে লোৱা বুলিও ঋষভৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে৷
দুৰ্ঘটনাক পাছতেই প্ৰথমে ডেৰডুনৰ মাক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছিল পন্থক৷ কিন্তু বিচিচিআইৰ তৎপৰতাত মুম্বাইৰ ধীৰুভাই আম্বানী হাস্পতাললৈ লৈ অনা হয় ঋষভক৷ বিচিচিআইয়ে ক্ৰিকেটাৰসকলৰ বাবে থকা বিশেষ চিকিৎসকৰ দ্বাৰাই চিকিৎসা কৰোৱাৰ বাবেই এয়াৰ এম্বুলেঞ্চেৰে মুম্বাইলৈ লৈ আনিছিল ঋষভক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ