দেশৰ এনে এটা বিশেষ ষ্টেচন, য’ৰ পৰা সকলো ঠাইলৈ পোৱা যায় ট্ৰেইন
দেশত প্ৰতিদিনে কোটি কোটি লোকে ৰে’লযোগে যাত্ৰা কৰে। ১৩ হাজাৰৰো অধিক যাত্ৰীবাহী ৰে’লে দেশৰ চুক-কোণে সংযোগ কৰে। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে গন্তব্যস্থানলৈ যাবলৈ কোনো পোনপটীয়া ৰে’ল উপলব্ধ নহয়।
ইয়াৰ বাবে ৰেল সলনি কৰিবলগীয়া হয়, যিটো সাধাৰণতে অতি ক্লান্তিকৰ প্ৰক্ৰিয়া। পাছে দেশৰ এনে এটা ষ্টেচন আছে, যি ষ্টেচনৰ পৰা পোনপটীয়াকৈ ৰেলযোগে দেশৰ প্ৰতিটো দিশত যাব পাৰি।
বিশ্বৰ ভিতৰতে সৰ্বাধিক ৰেলৱে নেটৱৰ্ক থকা দেশেই হৈছে ভাৰত। যাৰ ফলত দেশৰ সংযোগ বৃদ্ধি হৈছে। যাৰ সুবিধা দেশৰ প্ৰতিটো শ্ৰেণীৰ লোকেই ব্যৱহাৰ কৰিব পাৰে। সেই ভাৰততে এটা বিশেষ ষ্টেচন।
উত্তৰ প্ৰদেশত অৱস্থিত এই বিশেষ ষ্টেচনটো। ৰাজ্যখনৰ মথুৰা চহৰৰ মথুৰা জংচন সেই বিশেষ ষ্টেচনটো।। যিটো ভাৰতৰ একমাত্ৰ ৰেল ষ্টেচন য’ৰ পৰা দেশৰ প্ৰতিটো দিশলৈ পোনপটীয়া ৰে’ল পোৱা যায়।
১৮৭৫ চনত মথুৰা জংচনত ৰেল চলাচল আৰম্ভ হৈছিল। আজি ইয়াৰ ষ্টেচনটোত ১০টা প্লেটফৰ্ম আছে, য’ৰ পৰা ২৪ ঘণ্টাই ৰে’ল চলি থাকে। প্ৰতিদিনে মথুৰা জংচনত ১৯৭ খন ৰেল ৰৈ থাকে।
ইয়াক ৰাজধানী, শতাবদী আৰু ডুৰন্টো এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম ৰেল, এক্সপ্ৰেছ আৰু ছুপাৰফাষ্ট ৰেল আৰু মেমু-ডেমু ৰে’লেৰে পৰিচালিত হয়। মথুৰা জংচনৰ পৰা চলা ৰে’লসমূহে দিল্লী, কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ, অসম আদি বহু ৰাজ্যক সংযোগ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ