অতি শীঘ্ৰেই ভাৰতত উপলব্ধ হ’ব স্বয়ংক্ৰিয়ভাৱে চালিত বাহন৷ ভাৰতৰ প্ৰথমখন স্বয়ংক্ৰিভাৱে চালিত অৰ্থাৎ চালকবিহীন বাহন নিৰ্মাণৰ কৰিছে আছে Minus Zero নামৰ এটা প্ৰতিষ্ঠানে৷
প্ৰতিষ্ঠানটোৱে এই বাহন নিৰ্মাণৰ বাবে ইতিমধ্যে পুঁজিও সংগ্ৰহ কৰি আহিছে আৰু তেওঁলোকে এতিয়ালৈকে ১৭ লাখ মাৰ্কিন ডলাৰ পুঁজি সংগ্ৰহ কৰা বুলি প্ৰকাশ কৰিছে৷ ইটিৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ প্ৰথমটো ষ্টাৰ্টআপ যিয়ে সুলভ মূল্যৰ আৰু সম্পূৰ্ণ স্বয়ংচালিত গাড়ী নিৰ্মাণ কৰি আছে সেই Minus Zero-এ ভাৰতীয় মূল্যত প্ৰায় ১৩.১৮ লাখ টকা সংগ্ৰহ কৰিছে৷
স্বয়ংচালিত বাহন নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে দাবী কৰিছে যে এই বাহনসমূহ বিশ্বৰ আটাইতকৈ কঠিন গাঁথনিহীন আৰু অসংগঠিত যান-জঁটৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিব পাৰিব৷
লগতে পঢ়ক ১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান
Minus Zero-এ JITO এঞ্জেল নেটৱৰ্ক আৰু এনভিডিয়া আৰু লাইফ্টৰ দৰে প্ৰযুক্তি কোম্পানীসমূহৰ জ্যেষ্ঠ কাৰ্যবাহীসকলৰ সৈতে চিৰাটা ভেঞ্চাৰছৰ নেতৃত্বত এই পুঁজিৰ সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছিল।
এই পুঁজি মূলতঃ বিস্তৃত স্বায়ত্তশাসিত বাহন গৱেষণা আৰু উন্নয়ন, আন্তঃগাঁথনি গঢ়ি তোলা আৰু অধিক লোকক নিযুক্তি দিয়াৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলিও কোৱা হৈছে। ২০২২ চনৰ শেষৰ ফালে অথবা ২০২৩ চনৰ আৰম্ভণিত তেওঁলোকৰ প্ৰথমটো স্বয়ংচালিত বাহন ৰাজহুৱাভাৱে মুকলি কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও কোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ