সমকামী বিবাহৰ অনুমতি দিব পাৰি নে নহয় সেই সন্দৰ্ভত বহুদিনৰ পৰা বিশ্বজুৰি চৰ্চা চলি আহিছে। ইয়াৰ মাজতে এখন দেশৰ ধৰ্মীয় উপাসনাৰ স্থলী গীৰ্জাইও সমকামী বিবাহক স্বীকৃতি প্ৰদান কৰিছে৷ এতিয়াৰে পাৰ সংশ্লিষ্ট দেশখনৰ গীৰ্জাত সমকামী যুগলে বৈধভাৱে বিবাহপাশত আৱদ্ধ হ’ব পাৰিব৷
গীৰ্জাই সমলিংগ বিবাহক স্বীকৃতি প্ৰদান কৰা দেশখন হৈছে ইউৰোপৰ স্কটলেণ্ড৷ স্কটলেণ্ডৰ চাৰ্চ অৱ স্কটলেণ্ডৰ সদস্যসকলে সমলিংগ বিবাহৰ সপক্ষে ভোট কৰি এই ঐতিহাসিক স্বীকৃতি প্ৰদান কৰিছে৷
লগতে পঢ়ক ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?
সোমবাৰৰ এই সিদ্ধান্ত ঘোষণা কৰাৰ পিছৰে পৰা এই বিতৰ্কৰ সৃষ্টি হৈছে। এটা দলে এই সিদ্ধান্তক শলাগ লৈছে৷ স্কটিছ কনজাৰ্ভেটিভ পাৰ্টিৰ প্ৰাক্তন নেতা ৰুথ ডেভিডছন আৰু স্কটিছ লেবাৰ পাৰ্টিৰ প্ৰাক্তন নেতা কেজিয়া ডাগডেল যি পূৰ্বে সমকামী আছিল তেওঁলোকে এই সিদ্ধান্তক আদৰণি জনাইছে।
অৱশ্যে আন একাংশই গীৰ্জাৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে৷ কভেনেণ্ট ফেল’শ্বিপ স্কটলেণ্ডে এক বিবৃতিত কয় যে তেওঁলোকে গীৰ্জাৰ সিদ্ধান্তক “গুৰুতৰ ভুল” বুলি গণ্য কৰিছে। তেওঁলোকৰ মতে সমকামী বিবাহ অপৰাধৰ শ্ৰেণীত পৰে।
সোমবাৰে গীৰ্জাত সমলিংগ বিবাহৰ সপক্ষে মুঠ ২৬৪ টা ভোট প্ৰদান কৰাৰ বিপৰীতে ইয়াৰ বিৰুদ্ধে ১৩৮ জন লোকে ভোটদান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ