২৩-২৪ বৰ্ষৰ সৰ্বাধিক কৰ দিওতা কোন, শীৰ্ষ ১০ তালিকাত কাৰ কাৰ নাম…
ক্ৰিকেটাৰ হওক নাইবা চলচ্চিত্ৰ তাৰকাই হওক কিম্বা অন্য ক্ষেত্ৰৰ তাৰকাই হওক প্ৰতি বছৰে কোটি কোটি টকাৰ কৰ আদায় দিয়ে। ২০২৩-২৪ বিত্তীয় বৰ্ষত সৰ্বাধিক কৰ আদায় দিয়া ভাৰতীয় চেলিব্ৰিটিৰ তালিকা প্ৰকাশ কৰিছে ফৰ্চুন ইণ্ডিয়াই। প্ৰকাশিত তালিতা অনুসৰি শীৰ্ষত আছে শ্বাহৰুখৰ নাম।
২০২৪ চনত ভাৰতীয় সকলো চেলিব্ৰিটিৰ ভিতৰত সৰ্বাধিক কৰ আদায় দিছে অভিনেতা শ্বাহৰুখ খানে। ফৰ্চুন ইণ্ডিয়াৰ প্ৰকাশিত তথ্য অনুসৰি শ্বাহৰুখে চলিত বৰ্ষত ৯২ কোটি টকাৰ কৰ আদায় দিছে।
বলীউড কিং খানৰ পিছত দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপাথীয়ে ৮০ কোটি টকা আৰু তৃতীয়ত বলীউডৰ ভাইজান ছলমান খানে ৭৫ কোটি টকা কৰ আদায় দিছে। ইয়াৰ উপৰিও এই কৰ আদায়ৰ শীৰ্ষ ১০ তালিকাত কাৰ কাৰ নাম আছে –
বিগ বি অমিতাভ বচ্চনে ৭১ কোটি টকাৰ কৰ আদায় দি এই তালিকাত চতুৰ্থ স্থানত আছে।
পঞ্চম স্থানত আছে ক্ৰিকেটাৰ বিৰাট কোহলী, ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে ৬৬ কোটি টকাৰ কৰ আদায় দিছে। ইয়াৰ লগে লগে তেওঁ ২০২৪ চনত ভাৰতৰ সৰ্বাধিক কৰ পৰিশোধ কৰা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে।
এই তালিকাত থকা অন্যান্য সকল হৈছে- ষষ্ঠ স্থানেৰে অজয় দেৱগনে ৪২ কোটি টকা কৰ আদায় দিয়াৰ বিপৰীতে অষ্টমত ৰণবীৰ কাপুৰে ৩৬ কোটি টকা কৰ আদায় দিছে। ৩৮ কোটি টকাৰ কৰ পৰিশোধ কৰি সপ্তম স্থানত আছে এম এছ ধোনী।
নৱম আৰু দশম স্থানত আছে ‘ফাইটাৰ’ অভিনেতা ঋত্বিক ৰোশন আৰু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ, যিয়ে ২৮ কোটি টকাৰ কৰ আদায় দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ