১০ বছৰৰ পাছত একেলগে খেলিব শচীন-যুৱৰাজে, ক’ত, কেতিয়া একেলগে দেখা যাব দুয়োকে?
কাইলৈ ২২ ফেব্ৰুৱাৰী শনিবাৰে ইণ্টাৰনেশ্যনেল মাষ্টাৰছ লীগত (International Masters League 2025) ভাৰত আৰু শ্ৰীলংকাৰ দলৰ মাজত মুখামুখি হ’ব। এই মেচত ১০ বছৰৰ পাছত একেলগে খেলপতাৰত নামিব ভাৰতৰ দুই মহান ক্ৰিকেটাৰ শচীন-যুৱৰাজ। শচীন টেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙৰ দৰে ভাৰতীয় কিংবদন্তি একেলগে খেলা দেখা যাব।
বহু বছৰ পূৰ্বে অৱসৰ লোৱা এই প্ৰবীণসকলে পুনৰ নীলা জাৰ্চি পৰিধান কৰি খেলপথাৰত নামিব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৪ হাজাৰৰো অধিক ৰান আৰু ১০০ শতক অৰ্জন কৰা তেণ্ডুলকাৰে ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটত আধিপত্য বিস্তাৰ কৰিছিল। অৱশ্যে তেওঁ ভাৰতৰ হৈ মাত্ৰ এখন টি-২০ ইণ্টাৰনেশ্যনেল মেচহে খেলিছিল। ইয়াৰ ফলত ভাৰতীয় জাৰ্চি পিন্ধি ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত তেওঁক পুনৰবাৰ দেখাটো অনুৰাগীৰ বাবে আকৰ্ষণীয় হৈ পৰিব।
বছৰ বছৰ ধৰি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মেচ (IND vs SL) অনুৰাগীক আকৰ্ষণ কৰি তুলিছে। শচীন তেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙে অগণন অবিস্মৰণীয় খেল খেলিছে। ইয়াৰে ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল খেল সকলোৰে স্মৃতিত। য’ত ভাৰত চেম্পিয়ন আছিল।
টেণ্ডুলকাৰে কয়, ‘যোৱা কেইবছৰমানৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে খেলি আমি কিছুমান অবিস্মৰণীয় মুহূৰ্ত দেখিছো, তাৰ ভিতৰত ২০১১ চনৰ বিশ্বকাপ আছিল আটাইতকৈ বিশেষ। ইমান বছৰৰ পাছত খেলপথাৰলৈ উভতি আহি আমাৰ ক্ৰিকেট যাত্ৰাৰ ইমান ডাঙৰ অংশ হৈ অহা দল এটাৰ সন্মুখীন হোৱাটোৱে ইয়াক আৰু অধিক বিশেষ কৰি তোলে।
আনফালে ২০১১ চনৰ বিশ্বকাপ আৰু ২০০৭ চনৰ টি-২০ বিশ্বকাপকে ধৰি ভাৰতৰ বহু গুৰুত্বপূৰ্ণ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যুৱৰাজে। যুৱৰাজে কয়, ‘মই আকৌ ক্ৰিকেটলৈ ঘূৰি আহিবলৈ বহু আগ্ৰহী হৈ পৰিছো। ভাৰত বনাম শ্ৰীলংকা সদায় এক ৰোমাঞ্চকৰ মেচ আৰু মই জানো অনুৰাগীসকলো আমাৰ দৰেই উত্তেজিত।
উল্লেখ্য যে, ৩খন চহৰত এই খেল অনুষ্ঠিত হ’ব। নৱী মুম্বাই, বদোদৰা আৰু ৰায়পুৰত খেল অনুষ্ঠিত হ’ব। কেউখন খেল সন্ধিয়া ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।
এই খেলত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব। ভাৰত, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । প্ৰতিটো দলতে প্ৰবীন ক্ৰিকেটাৰ অন্তৰ্ভুক্ত কৰা হৈছে। নৱী মুম্বাই, বদোদৰা আৰু ৰায়পুৰত আয়োজন কৰা হ’ব এই প্ৰতিযোগিতা। ছেমি ফাইনেল আৰু ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন ৰায়পুৰত অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ