মুদ্ৰাস্ফীতি আৰু অনিশ্চিত অৰ্থনৈতিক পৰিস্থিতিৰ মাজত কেৱল আয়ৰ ওপৰত নিৰ্ভৰ কৰাটো বুদ্ধিমানৰ কাম নহয়৷ সঠিক বিনিয়োগ অবিহনে কষ্টাৰ্জিত অৰ্থই ধীৰে ধীৰে তাৰ মূল্য হেৰুৱাই৷ বজাৰত বহু বিকল্পই উচ্চ ৰিটাৰ্ণৰ দাবী কৰিলেও সেইসমূহে বজাৰৰ উঠানমা আৰু ক্ষতিৰ আশংকা থাকে৷ সেই কাৰণেই বিপুল সংখ্যক মানুহে এনে বিনিয়োগৰ বিকল্প বিচাৰে, য’ত তেওঁলোকৰ ধন সম্পূৰ্ণ নিৰাপদে থাকে আৰু নিশ্চিত ৰিটাৰ্ণ পোৱা যায়৷
পোষ্ট অফিচৰ আৰ ডি স্কিম কিয় নিৰ্ভৰযোগ্য?
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিম চৰকাৰ পৰিচালিত৷ এই স্কিমত বিনিয়োগ কৰা অৰ্থই সম্পূৰ্ণ নিৰাপত্তা নিশ্চিত কৰে৷ এই স্কিমৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ই বজাৰৰ উঠানমাৰ দ্বাৰা প্ৰভাৱিত নহয়৷ এই বিশ্বাসেই গাওঁ, চহৰ আৰু মফচলীয়া এলেকাৰ লাখ লাখ মানুহে এই স্কিম বাচি লৈছে৷
ক্ষুদ্ৰ সঞ্চয়ৰ পৰা এক ডাঙৰ তহবিল তৈয়াৰৰ শক্তি
পোষ্ট অফিচৰ আৰ ডি স্কিমে খুবেই কম পৰিমাণে ধন দিয়েই আৰম্ভ কৰিব পাৰি৷ প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন জমা দিয়েই আপুনি সঞ্চয় প্ৰকল্প আৰম্ভ কৰিব পাৰে৷ চক্ৰবৃদ্ধি সুদৰ সুবিধাৰ কাৰণে সময়ৰ লগে লগে ধনৰ পৰিমাণ দ্ৰুত বৃদ্ধি পায়৷ বৰ্তমান এই স্কিমত বাৰ্ষিক প্ৰায় ৬.৭ শতাংশ সুদৰ হাৰ প্ৰদান কৰে যিয়ে বহু বেংকৰ ফিক্সড ডিপোজিটতলৈ এয়া বেছি ভাল বুলি বিবেচিত হয়৷
পাঁচ বছৰত ১৪ লাখ টকাৰ তহবিল কেনেকৈ তৈয়াৰ কৰিব?
যদি এজন বিনিয়োগকাৰীয়ে পোষ্ট অফিচৰ আৰ ডিত প্ৰতিমাহে ২০,০০০ টকা জমা দিয়ে আৰু বিনিয়োগৰ সময়কাল পাঁচ বছৰ(৬০ মাহ) হয়, তেন্তে মুঠ জমাৰ পৰিমাণ হ’ব প্ৰায় ১২ লাখ টকা৷ ইয়াৰ ওপৰত অৰ্জিত সুদ হ’ব প্ৰায় ২.২৮ লাখ টকা৷ এনেকৈ ম্যাদপূৰ্তিত মুঠ পৰিমাম বাঢ়ি প্ৰায় ১৪.২৮লাখ টকা হব৷ এই অতিৰিক্ত পৰিমাণ সম্পূৰ্ণৰূপে সুদৰ পৰা প্ৰাপ্ত ধন৷
বিনিয়োগৰ এক সহজ উপায়
চৰকাৰী গেৰেণ্টিৰ কাৰণে পোষ্ট অফিচৰ আৰ ডিত বিনিয়োগ কৰা সম্পূৰ্ণ নিৰাপদ৷ একাউণ্ট খোলা আৰু পৰিচালনা প্ৰক্ৰিয়া সহজ আৰু প্ৰয়োজনত ম্যাদপূৰ্তিৰ পূৰ্বেও বন্ধ কৰাৰ বিকল্প উপলব্ধ৷ ডাকঘৰৰ নেটৱৰ্ক দেশৰ প্ৰতিটো প্ৰান্ততেই বিস্তৃত যিয়ে এই প্ৰকল্পটোক সমাজৰ সকলো স্তৰৰ মানুহৰ ববে সহজলভ্য কৰি তুলিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















