আমি সকলোৱে জানো যে বৰ্তমান যুগৰ প্ৰতিজন ব্যক্তিয়ে তেওঁৰ ভৱিষ্যত সুৰক্ষিত আৰু নিৰাপদ ৰাখিবলৈ বিনিয়োগ কৰে৷ একমাত্ৰ সেইসমূহ স্থানত মানুহে ধন বিনিয়োগ কৰিব খোজে য’ত ধন নিৰাপদে থাকে৷ পোষ্ট অফিচৰ বৰ্তমান ৰেকাৰিং ডিপজিট স্কিম সকলোতকৈ নিৰাপদ বুলি প্ৰায়সংখ্যকেই দাবী কৰে৷ আপুনি ৫ হাজাৰকৈ জমা কৰি ৮লাখ কৰিবলৈ কিমান সময় লাগিব?
২০২৩ চনৰ বাবে পষ্ট অফিচৰ RD স্কিমৰ ওপৰত সুদৰ হাৰ বৃদ্ধি পাইছে৷ পূৰ্বে ৬.২ শতাংশ সুদ আছিল৷ কিন্তু বিগত বছৰ চৰকাৰৰ সিদ্ধান্তত সুদৰ হাৰ বঢ়াই এতিয়া ৬.৭শতাংশ কৰিছে৷ পষ্ট অফিচৰ বিভিন্ন স্কিমৰ সুদৰ হাৰ প্ৰতি বছৰে পৰিবৰ্তন হয়৷ যিয়ে আপোনাৰ বিনিয়োগৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে৷
আপুনি যদি ৫হাজাৰ টকা প্ৰতি মাহে ৫বছৰলৈ বিনিয়োগ কৰে তেন্তে ৬.৭শতাংশ সুদৰ হাৰত আপুনি ৩,৫৬,৮৩০ টকা জমা কৰিব পাৰিব৷ যদি আপুনি আৰু ৫ হাজাৰ টকা বিনিয়োগ কৰে তেতিয়া আপুনি মুঠ ৮,৫৪,২৭২টকা জমা কৰিব পাৰিব৷
এই RD স্কিমত একাউণ্ট খুলিবলৈ আপুনি নিকটবৰ্তী পষ্ট অফিচলৈ যাব পাৰে৷ আপুনি বিচাৰিলে মাত্ৰ ১০০ টকাৰ পৰাও বিনিয়োগ কৰিব পাৰে৷ এবছৰৰ বাবে এই স্কিমত জমা দিলে আপুনি আপোনাৰ জমা কৰা অৰ্থৰ প্ৰায় ৫০শতাংশ ঋণ হিচাপেও গ্ৰহণ কৰিব পাৰে৷ এই স্কিম সঁচাই সুৰক্ষিত আৰু লাভজনক৷ ইয়াত আপোনাৰ ধন নিৰাপদে থাকে আৰু সুদৰ হাৰ বৃদ্ধিৰ ফলত আপুনিও আৰু বেছি লাভ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ