সাধাৰণ মধ্যবত্তিসকলে যিমান পাৰে কম বিনিয়োগত সৰ্বোচ্চ ৰিটাৰ্ণৰ আশা কৰে৷ এইক্ষেত্ৰত এছ আই পি হৈছে এনে এক বিনিয়োগৰ ক্ষেত্ৰত য’ত কম ধনত কম সময়ত বেছি সুদ পোৱা যায়৷ ফলত হিচাপ কৰি ধন জমা কৰিলে আপুনি এসময়ত ভাল ৰিটাৰ্ণ লাভ কৰিবই৷
এক সংস্থাৰ হিচাপে কৈছে যে মাহত ৩০ হাজাৰ টকাকৈ জমা কৰিলে ১২ বছৰৰ পাছত আপুনি কোটিপতি হৈ পৰিব৷ আৰু ২০বছৰ পাৰ হলেই আপুনি ৩কোটিৰ মালিক হ’ব৷ আৰু যদি প্ৰত্যেক বছৰ এছ আই পিত বিনিয়োগৰ পৰিমাণ ১০শতাংশ কৈ বঢ়াই দিয়া হয় তেন্তে ১০ বছৰত আপুনি কোটিপতি হৈ পৰিব৷ আৰু ১৬ বছৰত আপুনি ৩কোটিৰ মালিক হ’ব৷
এছ আই পি বা চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন হৈছে এনে এক প্লেন য’ত গ্ৰাহকে মাহত বা প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে নিৰ্দিষ্ট পৰিমানৰ ধন জমা দিব পাৰে৷ নূন্যতম ৫০০ টকা পৰ্যন্ত জমা কৰিব পাৰে প্ৰতি মাহত৷ এক হিচাপত দেখা গৈছে যে ১০ হাজাৰ টকা জমা কৰি ১৫ বছৰত হ’ব ১কোটি, ২০ হাজাৰকৈ টকা জমা কৰিলে ১ কোটি হ’বলৈ সময় লাগিব১২ বছৰ৷ ২৫ হাজাৰকৈ জমা কৰিলে ১০মাহতেই ১ কোটি, ৪০ হাজাৰকৈ জমা কৰিলে ১বছৰ ৮ মাহতেই আপুনি ১কোটিৰ মালিক হ’ব৷ ৫০ হাজাৰকৈ জমা কৰিলে ৭বছৰ ৮ মাহত ১ কোটিৰ মালিক আপুনি৷ মাহত ১ লাখকৈ জমা কৰিলে ৫ বছৰতেই ১ কোটিৰ মালিক হ’ব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ