চলিত বছৰৰ ছেপ্টেম্বৰ মাহতেই iPhone 17 চিৰিজ লঞ্চ কৰিব Appleয়ে৷ iPhone16তকৈ উল্লেখযোগ্য আপগ্ৰেড থাকিব৷ ৰিপৰ্টত প্ৰকাশ পাইছে যে iPhone 17ৰ চাৰিটা মডেল থাকিব৷ iPhone 17, iPhone 17 Air, iPhone 17 Pro এবং iPhone 17 Pro Max। অৰ্থাৎ Plus ভেৰিয়েণ্ট মডেলটো আৰু নাথাকিব৷ ষ্টেণ্ডাৰ্ড iPhone 17 ত এক উন্নত ডিছপ্লে আৰু এটা ভাল ফ্ৰণ্ট কেমেৰা আপগ্ৰেড থাকিব বুলি আশা কৰা হৈছে৷ iPhone 17ত কি কি থাকিব?
দিনত শিক্ষয়িত্ৰী, নিশা হ’লেই এডাল্ট চাইটৰ অভিনেত্ৰী, শিক্ষয়িত্ৰীৰ ভিডিঅ’ লৈ স্কুলত অভিভাৱক, তাৰপিছত?
iPhone 17ৰ ডিজাইন আৰু ডিছপ্লেঃ
আশা কৰা হৈছে যে iPhone 16ৰ ভাৰ্টিকেল ডুৱেল কেমেৰা চেটআপ ডিজাইন বজায় ৰাখিব Appleয়ে৷ ছাইজ পূৰ্বতকৈ অলপ ডাঙৰ হ’ব পাৰে৷ ৬.৩ ইঞ্চি, ঠিক iPhone 16 Pro-ৰ দৰে৷ ষ্টেণ্ডাৰ্ড মডেলৰ ক্ষেত্ৰত উল্লেখযোগ্য আপগ্ৰেড হ’ব এটা ১২০ হার্ৎজৰ ProMotion ৰিফ্ৰেছ ৰেট৷ যি পূৰ্বে Pro মডেলসমূহৰ ক্ষেত্ৰতই সীমাবদ্ধ আছিল৷ ইয়াৰোপৰি Apple য়ে আনিব পাৰে এটা এণ্টি ৰিফ্লেক্টিভ, স্ক্ৰেছ ৰেজিষ্টেণ্ট কোটিং৷
iPhone 17ৰ সম্ভাব্য স্পেসিফিকেশনঃ
iPhone 17 চালিত হ’ব Appleক পৰবৰ্তী প্ৰজন্মৰ A19 চিপৰ দ্বাৰা৷ যি তৈয়াৰ কৰা হৈছে উন্নত ৩ এন এম প্ৰক্ৰিয়াৰ মাধ্যমেৰে৷ ইয়াৰ পূৰ্বসূৰিৰ দৰেই ইয়াত থাকিব ৮জিবি RAM৷ বেটেৰীৰ ডাঙৰ পৰিবৰ্তন হ’ব পাৰে বুলি আশা কৰা হৈছে৷ আৰু চিপচেট পাৱাৰ এফিচিয়েন্সিও বৃদ্ধি কৰিব পাৰে৷
iPhone 17ৰ কেমেৰা আপগ্ৰেড
অন্যতম ডাঙৰ পৰিবৰ্তন আহিব পাৰে ছেলফি কেমেৰাতো৷ ছিক্স এলিমেণ্ট লেন্সসহ এটা ২৪ মেগাপিক্সেল ফ্লণ্ট কেমেৰা আনিব পাৰে Appleয়ে৷ ৰিয়াৰ কেমেৰা কোনো পৰিবৰ্তন নাহিবও পাৰে৷
iPhone 17ৰ কালাৰ অপশ্ব্যন
ফাঁচ হোৱা তথ্যই কৈছে যে বগা, কলা, নীলা আৰু গোলপীয়া ৰঙৰ হ’ব পাৰে iPhone 17৷ লঞ্চৰ পূৰ্বে আৰু চেড এডো কৰিব পাৰে সংস্থাই৷
iPhone 17 লঞ্চৰ দিনক্ষণ (সম্ভাব্য)
সাধাৰণতে চেপ্টেম্বৰ মাহতেই নতুন ফোন লঞ্চৰ কথা ঘোষণা কৰে Appleয়ে৷ ফলত আশা কৰা হৈছে যে, চলিত বছৰ ১১ৰ পৰা ১৩ ছেপ্টেম্বৰৰ মাজত ডেবিউ কৰিব পাৰে iPhone 17 চিৰিজে৷
iPhone 17-ৰ সম্ভাব্য দামঃ
ইয়াৰ দাম হ’ব iPhone 16ৰ দৰেই হ’ব৷ আমেৰিকাত বেছ মডেলৰ দাম আৰম্ভ হ’ব ৭৯৯ ডলাৰৰ পৰা আৰু ভাৰতত এই দাম হ’ব প্ৰায় ৭৯৯০০ টকাৰ পৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ