আগন্তুক ১২ এপ্ৰিল ২০২৫ শনিবাৰে পালিত হ’ব হনুমান জয়ন্তী৷ ধাৰণা কৰা হৈছে চ’তৰ পূৰ্ণিমাৰ এই পূণ্য তিথিতেই মাতা অঞ্জনিৰ গৰ্ভত জন্মগ্ৰহণ কৰিছে পবনপুত্ৰ হনুমান৷ হিন্দুধৰ্মাৱলম্বীসকলৰ বাবে তেওঁ হৈছে সংকটমোচন৷ তেওঁৰ চৰণত আশ্ৰয় লৈছে বজৰংবলীয়ে সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিছে৷
মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?
৫৭ বছৰ পাছত হনুমান জয়ন্তীত গঠিত হ’ব বিৰল পঞ্চগ্ৰহী যোগ৷ মীন ৰাশিত বুধ আৰু শুক্ৰৰ মিলনত গঠিত হৈছে লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ,সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত গঠিত হৈছে বুধাদিত্য ৰাজযোগ৷ মীন ৰাশিত গোচৰ কৰি মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই৷ আকৌ সূৰ্য আৰু শুক্ৰৰ যুঁটিত গঠিত হৈছে শুক্ৰাদিত্য যোগ৷ মীন ৰাশিত এই চাৰি ৰাজযোগৰ বিৰল প্ৰভাৱত হনুমান জয়ন্তীত ভাগ্যত দুৰ্দান্ত লাভ হব পাঁচ ৰাশিৰ জাতকৰ৷ পঞ্চমুখী হনুমানৰ কৃপা থাকিব এওঁলোকৰ ওপৰত৷
মেষ ৰাশি
মেষ ৰাশিত জাতক বজৰংবলীৰ প্ৰিয়৷ এই বছৰ পঞ্চগ্ৰহী যোগৰ প্ৰভাৱত হনুমানৰ কৃপাত সোণৰ দৰে চমকিব ভাগ্য৷ বজৰংবলীৰ কৃপাত কোনো বিপদে এওঁলোকক স্পৰ্শ কৰিব নোৱাৰিব৷ মেষ ৰাশিৰ জাতকৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা থাকে৷ পঞ্চমুখী হনুমানৰ আশীৰ্বাদত এওঁলোকে কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰে৷ আৰ্থিকভাৱেও উন্নতি হয়৷
মিথুন ৰাশি
হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ আপোনাৰ ওপৰত বজৰংবলীৰ বিশেষ আশীৰ্বাদ থাকিব৷ এই সময়ত কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ বিশেষ প্ৰয়োজনত বন্ধু আৰু সহকৰ্মীসকলৰ সহায় লাভ কৰিব৷ কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা পাব৷ সংকটমোচনে আপোনাক শত্ৰুৰ পৰা ৰক্ষা কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ