IPL ২০২৫ৰ সৰ্বাধিক দৰ উঠা ৫ খেলুৱৈ কোন কোন, চাওক তালিকা
আই পি এল ২০২৫ৰ মেগা নিলামত এইবাৰ বহু খেলুৱৈয়ে লাভ কৰে বহু টকা। সকলোবোৰৰ মাজত আই পি এলৰ ইতিহাসত সৰ্বাধিক মূল্যৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পন্ত। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২৭ কোটি টকাত ক্ৰয় কৰে খেলুৱৈগৰাকীক। আনহাতে দ্বিতীয়ত থাকে শ্ৰেয়াছ আয়াৰ। পঞ্জাব কিংছে ২৬.৭৫ কোটি টকাত ক্ৰয় কৰে শ্ৰেয়াছক।
পাছে আই পি এল ২০২৫ৰ নিলামৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ ৫ গৰাকী কোন কোন। কোনে লাভ কৰে সৰ্বাধিক মূল্য!
যোৱা বছৰ আই পি এল ২০২৪ৰ বাবে অনুষ্ঠিত হোৱা মিনি নিলামত অষ্ট্ৰেলিয়াৰ বিশ্ব বিজয়ী অধিনায়ক পেট কামিন্স আৰু মিচেল ষ্টাৰ্কৰ ওপৰত বহু ধনৰ বৰষুণ হৈছিল আৰু দুয়োজনে পুৰণি সকলো অভিলেখ ভংগ কৰিছিল।
ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০.৫০ কোটি টকাত ক্ৰয় কৰিছিল কামিন্সক। আনহাতে অষ্ট্ৰেলিয়াৰ বলাৰ মিচেল ষ্টাৰ্কক কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল।
দুয়োগৰাকীৰে ভিত্তি মূল্য আছিল ২ কোটি টকা। আই পি এলৰ নিলামৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ২০ কোটি টকাৰ সীমা অতিক্ৰম কৰি ইতিহাস ৰচিছিল দুই বিদেশী খেলুৱৈয়ে।
কিন্তু এইবাৰ ২০২৫ৰ আই পি এলৰ নিলমাত সেই অভিলেখো ভংগ। পূৰ্বৰ সেই অভিলেখ ভংগ কৰে ভাৰতীয় খেলুৱৈয়ে। এইবাৰ ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ২৬-২৭ কোটি টকা লাভ কৰে।
এইবাৰৰ নিলামৰ শীৰ্ষ ৪ খেলুৱৈয়ে ভাৰতৰ থাকে। কেৱল এগৰাকী বিদেশী খেলুৱৈয়ে শীৰ্ষ ৫ ৰ ভিতৰত সৰ্বাধিক ধন পোৱাৰ তালিকাত থাকে। আনহাতে এইবাৰৰ নিলামৰ পূৰ্বে বিশেষ ভাৱে চৰ্চাত থকা কে এল ৰাহুলক ১৪ কোটি টকাত দিল্লী কেপিটেছলে নিজৰ দলত ৰাখে।
প্ৰকাশ পোৱা তালিকা অনুসৰি ২০২৫ৰ সৰ্বাধিক নিবিদা লাভ কৰা খেলুৱৈসকল –
ঋষভ পণ্ট (ভাৰত) ২৭ কোটি লক্ষ্মৌ ছুপাৰ জায়েণ্টছ
শ্ৰেয়াছ আয়াৰ (ভাৰত) ২৬.৭৫ কোটি পঞ্জাৱ কিংছ
অৰ্শদীপ সিং (ভাৰত) ১৮ কোটি পাঞ্জাৱ কিংছ
যজুবেন্দ্ৰ চহল (ভাৰত) ১৮ কোটি পাঞ্জাৱ কিংছ
জোছ বাটলাৰ (ইংলেণ্ড) ১৫.৭৫ কোটি গুজৰাটট টাইটানছ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ