গৰম কালত প্ৰায় সকলোৱে আম খায়। গৰমত সকলোৱে পকা মিঠা আম খাবলৈ বিচাৰে৷ গাঁৱত সাধাৰণে পিছবেলা পকা আম খালেও চহৰত পুৱা ব্ৰেকফাষ্টত বা অফিচৰ পৰা উভতি অহাৰ পিছত খোৱা হয়।
বজাৰৰ পৰা পকা আম কিনি আনিয়ে খোৱাটো উচিত নহয়৷
লগতে পঢ়ক পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?
পকা আম খোৱাৰ আগতে কি কৰিব লাগে?
আমত কিছু পৰিমাণে কাৰ্বাইডৰ দৰে ৰাসায়নিক পদাৰ্থৰে থাকে। সেই ৰাসায়নিক পদাৰ্থ কিন্তু আপোনাৰ শৰীৰৰ বাবে বৰ ভাল নহয়। ফলত বজাৰৰ পৰা আম কিনাৰ পিছত অলপ সময় পানীত তিয়াই থৈ খাব লগা হয়।
পানীত তিয়াই দিলে পানীৰ সৈতে ৰাসায়নিক পদাৰ্থ মিহলি হৈ কিছু পৰিমাণে আঁতৰি যাব।
লগতে পঢ়ক ‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী
কেনেকৈ তিয়াই থ’ব?
আমৰ ঠাৰিৰ কাষটো কাটি তাৰ পিছত পানীত তিয়াই থৈ দিব। সেই কটা ফালেৰে আমৰ ভিতৰলৈ কিছু পানী সোমাই যাব। তেতিয়া আমৰ ঠাৰিৰ তথা বাকলিত থকা এঠাবোৰ ওলাই যাব৷ এই এঠাবোৰ মুখত অৰ্থাৎ চালত লাগিলে এলাৰ্জি হোৱাৰো আশংকা থাকে৷
আম পানীত তিয়াই থোৱাৰ আন এটা উপকাৰিতাও আছে। এনে কৰিলে আমৰ বাকলি গুচাবলৈ সহজ হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ