অভিনেত্ৰীক অভিনয়ৰ সুযোগ দি যৌন শোষণ কৰাৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতে পলাতক হৈ আছে দক্ষিণৰ তাৰকা তথা অভিনেতা-প্ৰযোজক বিজয় বাবু৷
অভিযোগ উত্থাপনৰ পিছৰে পৰা পলাতক হৈ থকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ কৰিছে বৈদেশিক মন্ত্ৰণালয়ে৷ ইমানেই নহয় বিজয় বাবুৰ ভিছাও বাতিল কৰা হৈছে৷
উল্লেখ্যে যে এগৰাকী দক্ষিণৰ অভিনেত্ৰীয়ে যোৱা ১৯ মে’ত বিজয় বাবুৰ বিৰুদ্ধে যৌন শোষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷
লগতে পঢ়ক ‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী
অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে ছবিত অভিনয়ৰ সুযোগ দিয়াৰ বিনিময়ত বিজয় বাবুৱে তেওঁক যৌন শোষণ চলাই আহিছিল৷ ইমানেই নহয় সুৰাপান কৰি বিজয় বাবুৱে অভিনেত্ৰীগৰাকীক বিভিন্ন ধৰণৰ অত্যাচাৰ চলোৱাৰো অভিযোগ কৰিছিল৷
উক্ত অভিযোগ কৰিয়ে অভিনেত্ৰীগৰাকী আৰক্ষীৰ থানাত বিজয় বাবুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল৷ অভিনেত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰা পিছতে বিপদৰ সেই সম্ভেদ পলায়ন কৰে বিজয় বাবুয়ে৷
লগতে পঢ়ক যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম
ইতিমধ্যে অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷ কোচিৰ আৰক্ষী আয়ুক্ত টি এইচ নাগাৰাজুৱে সন্দেহ কৰিছে যে বিজয় বাবুৱে ইতিমধ্যে অন্য দেশলৈ পলায়ন কৰিছে৷
সন্দেহ কৰা হৈছে যে বিজয়ে হয়তো ইউএইলৈ পলায়ন কৰিছে। অহা ২৪ মে’ৰ ভিতৰত তেওঁ পাছপ’ৰ্ট বিষয়াৰ সন্মুখত হাজিৰ নহ’লে অভিনেতাজনৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী দাখিল কৰিব পাৰে বুলি কেৰেলা প্ৰশাসনে প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ