• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

4 years ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

44 minutes ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

58 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

1 hour ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

2 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

3 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

3 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

3 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

5 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

5 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

7 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

7 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

editor by editor
May 21, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?
0
SHARES
787
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ জ্যোতিৰ্ময় দাস : স্কিজ’ফ্ৰেনিয়া শব্দটো নিশ্চয় বহুতেই শুনিছে বা হয়তো বহুতে এই ৰোগত ভূগিছেও। এই স্কিজ’ফ্ৰেনিয়া প্ৰকৃততে কি আৰু এই ৰোগৰ লক্ষণ বা চিকিৎসা কি? আজি এইবিষয়েই কিছু কথা জনাবলৈ খুজিছো। অন্যান্য বহুপ্ৰকাৰৰ মানসিক ৰোগৰ দৰেই স্কিজ’ফ্ৰেনিয়াও এক মানসিক ৰোগেই। স্কিজ’ফ্ৰেনিয়া শব্দটি গ্ৰীক ভাষাৰ পৰা অহা। ইয়াৰে স্কিজ’-মানে হৈছে-ভগ্ন বা ভঙা আৰু ফ্ৰেনিয়া-মানে হৈছে-মন। অৰ্থাৎ সৰল ভাষাত স্কিজ’ফ্ৰেনিয়া মানে-ভগ্ন মন। এই ভগ্ন মনৰ ৰোগবিধ কিদৰে সৃষ্টি হয়? মানুহৰ মন বা মগজুৰ তিনিটি মূল প্ৰক্ৰিয়া—

চিন্তাশক্তি(cognition) ,অনুভূতি(Emotion) আৰু সচেতন মন বা ইচ্ছাশক্তি(Conation)— এই তিনিওটি প্ৰক্ৰিয়াৰ যথোপযুক্ত তাল-মিল বা সামঞ্জস্যৰ ওপৰতে এজন ব্যক্তিৰ মানসিক সুস্থতা নিৰ্ভৰ কৰে। স্কিজ’ফ্ৰেনিয়া ৰোগত ভোগা ব্যক্তি এজনৰ মগজুৰ এই তিনিওবিধ প্ৰক্ৰিয়াৰ মাজৰ সামঞ্জস্য বা ভাৰসাম্য নষ্ট হয়। এক কথাত ক’বলৈ গ’লে স্কিজ’ফ্ৰেনিয়া এবিধ গম্ভীৰ মানসিক ৰোগ, য’ত ৰোগাক্ৰান্ত ব্যক্তিজনে বাস্তৱিকতাক অস্বাভাৱিকভাৱে বা ভুলকৈ দেখিবলৈ, বুজিবলৈ আৰম্ভ কৰে। অৰ্থাৎ স্বাভাৱিক মানুহ এজনৰ দৃষ্টিত স্বাভাৱিক বা গতানুগতিক কথা, বস্তু-সকলোবোৰেই স্কিজ’ফ্ৰেনিয়া আক্ৰান্তজনৰ দৃষ্টিত অস্বাভাৱিক হৈ পৰে। স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত ব্যক্তিজনৰ সাধাৰণতে ভ্ৰম বা আমূল প্ৰত্যক্ষ আৰু বিভ্ৰম হোৱা দেখা যায়। অৰ্থাৎ যি কথা বা কাণ্ড ব্যক্তিজনৰ সমুখত বা লগত প্ৰকৃততে ঘটি থকা নাই, তেনে কথা বা কাণ্ড তেওঁলোকৰ দৃষ্টিত ঘটা যেন অনুভৱ কৰে। তাৰোপৰি, অতিশয় বিশৃংখল বা বিকাৰগ্ৰস্ত চিন্তাধাৰা আৰু আচৰণবিধিৰো চিকাৰ হয় ৰোগাক্ৰান্ত ব্যক্তিজন। যাৰ ফলস্বৰূপে, সেই ব্যক্তিজনৰ বাবে দৈনন্দিন বা নিত্যনৈমিত্তিক কাম-কাজখিনি চলাই নিয়াও অতিশয় কঠিন হৈ পৰে। স্কিজ’ফ্ৰেনিয়া আক্ৰান্ত ব্যক্তি এজনৰ এই ৰোগ হৈছে বুলি কিদৰে জানিব পাৰিব? তাৰবাবে এই ৰোগৰ কেইটিমান বিশেষ লক্ষণ তলত উল্লেখ কৰা হৈছে—

 

লগতে পঢ়ক অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

১) বিভ্ৰম (Delusion) : বিভ্ৰম শব্দটিয়েই সূচাই যে এইবোৰ এনে কিছুমান ভুৱা বা মিছা বিশ্বাস, যাৰ বাস্তৱ ক্ষেত্ৰত কোনো ভিত্তি নাই। উদাহৰণস্বৰূপে, বিভ্ৰমৰ সন্মুখীন হোৱা ব্যক্তিজনৰ এনে অনুভৱ হ’ব পাৰে যে তেওঁ‌ৰ কিবাপ্ৰকাৰে ক্ষতি হৈছে বা তেওঁক কোনোবাই অত্যাচাৰ কৰিছে; কোনোবাই কোৱা যিকোনো ধৰণৰ কথা ৰোগীজনক উদ্দেশ্যিয়েই কোৱা হৈছে অথবা ৰোগীজন নিজে অতিমানৱীয় শক্তিৰ অধিকাৰী, কিম্বা অতিশীঘ্ৰেই কোনোধৰণৰ দুৰ্ঘোৰ বিপৰ্যয় ঘটিবৰ উপক্ৰম হৈছে৷ এনেবোৰ ভ্ৰান্ত বা অমূলক ধাৰণা সাধাৰাণতেই স্কিজ’ফ্ৰেনিয়াৰ এই এক প্ৰধান লক্ষণ বিভ্ৰমৰ অন্তৰ্ভুক্ত। স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত প্ৰায়ভাগ ৰোগীয়েই এনে বিভ্ৰমৰ সন্মুখীন হয়।

২) ভ্ৰম বা আমূল প্ৰত্যক্ষ (Hallucination) : ভ্ৰম বা আমূল প্ৰত্যক্ষ পৰ্যায়ৰ সন্মুখীন হোৱা এজন ব্যক্তিয়ে সাধাৰণতে যিবোৰ বস্তু, মানুহ অথবা যিকোনো কাৰকৰ, যাৰ কোনো বাস্তৱিক অস্তিত্বই নাই— তেনেবোৰ বস্তুকেই দেখে বা শুনে। যিমানেই অপ্ৰাকৃতিক বা বাস্তৱিকভাৱে গ্ৰহণযোগ্য নহওক কিয় স্কিজ’ফ্ৰেনিয়া আক্ৰান্ত ব্যক্তি এজনৰ বাবে এনেবোৰ কথা বা ঘটনা অতিকেই স্বাভাবিক। এজন ৰোগীয়ে এই ভ্ৰম যিকোনো প্ৰকাৰে উপলব্ধি কৰিব পাৰে যদিও প্ৰধানতঃ ভিন্নধৰণৰ মাত-কথা বা কন্ঠস্বৰ শুনাতোহে অতিকেই সুলভ বা স্বাভাৱিক।

৩) বিশৃংখল চিন্তা প্ৰক্ৰিয়া আৰু কথন : বিশৃংখল চিন্তাপ্ৰক্ৰিয়া আৰু বিশৃংখল কথন বা কথা কোৱা এই দু্য়োটাই পৰস্পৰ নিৰ্ভৰশীল। যেতিয়া এজন ব্যক্তিৰ চিন্তা প্ৰক্ৰিয়া বিশৃংখল হয়, তেতিয়া স্বাভাৱিকতেই তেওঁৰ কথনো বিশৃংখলেই হ’ব। এই সমস্যাত ভোগা ৰোগীসকলৰ বাৰ্তালাপৰ প্ৰক্ৰিয়াটোতেই খেলি-মেলিৰ সৃষ্টি হয়। ধৰক, তেওঁক প্ৰশ্ন কৰা হৈছে কিবা এটা আৰু তেওঁ প্ৰশ্নটোৰ লগত কোনো সংগতি নথকা উত্তৰ দিছে বা তেওঁ‌ দিয়া উত্তৰত সামান্যকৈহে প্ৰশ্নটোক চুই গৈছে। আনকি কেতিয়াবা তেনে এজন ব্যক্তিৰ কথনে এনে পৰ্যায়ো পাবগৈ পাৰে যে তেওঁ‌ বহু কোনো অৰ্থহীন শব্দৰ সংমিশ্ৰণৰে কিবা কৈ থাকে; যাৰ কোনো অৰ্থ উলিওৱা বা বুজি পোৱা সম্ভৱ নহয়।

৪) চূড়ান্তৰূপে বিশৃংখল অথবা অস্বাভাৱিক শাৰিৰীক গতিকেন্দ্ৰিক ব্যৱহাৰ : এই স্থিতি বা ব্যৱহাৰত আক্ৰান্ত ব্যক্তিজনৰ আচৰণৰ কোনো নিৰ্দ্দিষ্ট গতি বা দিশ নেথাকে। হঠাতে কৰা শিশুসুলভ মূঢ়তাৰ দৰে আচৰণৰ পৰা আৰম্ভ কৰি কোনোধৰণেই উমান লগাব নোৱাৰা অস্থিৰতাত ভূগি কৰা আচম্বিত আচৰণো ব্যক্তিজনে কৰিব পাৰে। স্থিতি বা ব্যৱহাৰত আক্ৰান্ত ব্যক্তিজনৰ আচৰণৰ কোনো নিৰ্দ্দিষ্ট গতি বা দিশ নেথাকে। হঠাতে কৰা শিশুসুলভ মূঢ়তাৰ দৰে আচৰণৰ পৰা আৰম্ভ কৰি কোনোধৰণেই উমান লগাব নোৱাৰা অস্থিৰতাত ভূগি কৰা আচম্বিত আচৰণো ব্যক্তিজনে কৰিব পাৰে। এনে আচৰণবোৰ কোনো নিৰ্দ্দিষ্ট লক্ষ্য বা উদ্দেশ্যকেন্দ্ৰিক নহয়৷ গতিকেই কাৰ্যতঃ কৰ্তাজনৰ কামৰ কোনো অৰ্থ উলিয়াব পৰা নেযায়। এনেবোৰ আচৰণৰ ভিতৰত আন কিছু হৈছে যেনে— যিকোনো ধৰণৰ নিৰ্দ্দেশনাৰ পৰা নিজকে অতি কঠোৰতাৰে প্ৰতিৰোধ কৰা, কিম্ভূত-কিমাকাৰ বা অদ্ভুত কায়িক ভংগিমাত থকা, সকলোধৰণৰ কথা-কামৰ প্ৰতি সম্পূৰ্ণৰূপে নিস্ক্ৰিয় প্ৰতিক্ৰিয়া, অথবা অদৰকাৰীভাৱে কৰা অত্যধিক শাৰিৰীক চাল-চলন৷

 

লগতে পঢ়ক পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

৫) নেতিবাচক লক্ষণ : এই অৱস্থাত স্কিজ’ফ্ৰেনিয়া আক্ৰান্ত ব্যক্তিজনে স্বাভাৱিক ধৰণে নিজৰ কাম-কাজবোৰ চলাই নিয়াত বাধাপ্ৰাপ্ত হয় বা কামবোৰ চলাই নিয়াৰ সক্ষমতা নোহোৱা হৈ পৰে। ধৰক, ব্যক্তিজনে নিজৰ গতানুগতিক চাফ-চিকুণতা বা পৰিচ্ছন্নতাৰ প্ৰতি সম্পূৰ্ণকৈ পিঠি দিয়ে, ভাৱলেশহীন আচৰণ কৰে—  যেন কোনো আৱেগ-অনুভূতিয়েই নাই তেওঁৰ, কথা পাতোতে চকুত চকু ৰাখি কথা নেপাতে, মুখৰ অভিব্যক্তিত কোনো সালসলনি নহয়, নিস্তেজ কন্ঠেৰে কথা কয় ইত্যাদি। আক্ৰান্ত ব্যক্তিজনে নিজৰ দৈনন্দিন কাৰ্যকলাপখিনি কৰিবলৈয়ো অনাগ্ৰহ প্ৰকাশ কৰিব পাৰে৷ সামাজিক পৰিবেশ এৰাই চলিবলৈ খুজিব পাৰে আৰু লগতেই ক্ৰমশঃ আনন্দ বা সুখানুভূতি অনুভৱ কৰাৰ ক্ষমতাও হেৰুৱাই পেলাব পাৰে।

উপৰোক্ত লক্ষণসমূহ যদিহে আপোনাৰ বা আপোনাৰ কোনো আত্মীয়, বন্ধু কিম্বা চিনাকি কাৰোবাৰ ক্ষেত্ৰত ঘটা দেখিবলৈ পায়, তেন্তে অনতিপলমে তেওঁক উপযুক্ত চিকিৎসা দিবৰ বাবে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ নিয়া নিতান্তই জৰুৰী কথা। কাৰণ বহুক্ষেত্ৰত স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত এজন ব্যক্তিয়ে নিজকে ৰোগাক্ৰান্ত বুলি কোনোপধ্যেই মানি নলয় আৰু চিকিৎসকৰ ওচৰলৈ যাবলৈয়ো অমান্তি হয়। এনেক্ষেত্ৰত দ্বায়িত্ব পৰিয়াল-পৰিজনৰ, ৰোগীজনক কিবাপ্ৰকাৰে হ’লেও চিকিৎসকৰ ওচৰলৈ নিয়াটো অত্যন্ত প্ৰয়োজন। স্কিজ’ফ্ৰেনিয়া এনে এবিধ জটিল মানসিক ৰোগ যাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সম্ভৱ নহয়। যদিওবা প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে আৰু উপযুক্ত চিকিৎসা পালে ৰোগীজনৰ বাবে এক স্বাভাৱিক জীৱন যাপন কৰা সম্ভৱ। বহুসময়ত স্কিজ’ফ্ৰেনিয়া আক্ৰান্ত ৰোগীয়ে আত্মহত্যাৰ কথা ভবাৰ লগতে আত্মহত্যা কৰা পৰ্যন্ত আগবাঢ়ে। গতিকে এই ৰোগক লৈ সাৱধানতা, সচেনতনা খুবেই জৰুৰী। সদ্যহতে প্ৰকাশ হোৱা এক তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ২৬ মিলিয়ন লোক স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত। পুৰুষৰ ক্ষেত্ৰত এই ৰোগ ২০ বছৰ বয়সৰ আশে-পাশে আৰম্ভ হোৱা দেখা যায় আৰু নাৰীৰ ক্ষেত্ৰত ২০ বছৰ বয়সৰ পিছতহে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। শিশুৰ ক্ষেত্ৰত এই ৰোগ স্বাভাৱিক নহয়, যিদৰে ৪৫বছৰ বয়সৰ উৰ্দ্ধৰ লোকৰ ক্ষেত্ৰতো এই ৰোগৰ সম্ভাৱনা ক্ষীণ।

এতিয়া আহো চিকিৎসাৰ দিশলৈ। এই ৰোগৰ চিকিৎসা কিদৰে কৰা হয়? অৱশ্যেই প্ৰথমে ৰোগাক্ৰান্ত ব্যক্তিবিশেষক কোনো এজন অভিজ্ঞ মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱা জৰুৰী। চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি ৰোগীজন এই ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হ’লে— ৰোগীজনক মানসিক ৰোগৰ নিৰ্দ্দিষ্ট দৰৱ (প্ৰধানতঃ এন্টিচাইক’টিক) খোৱাৰ পৰামৰ্শ দিব৷ নিতান্তই জৰুৰী বা প্ৰয়োজনীয় অৱস্থাত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়াও হ’ব পাৰে। এনেধৰণৰ ৰোগৰ চিকিৎসাত সাধাৰণতে দৰৱৰ উপৰিও মনোৰোগ বিশেষজ্ঞৰ সৈতে হোৱা কথোপকথন (কাউন্সেলিঙ), বোধশক্তিজনিত ব্যৱহাৰিক থেৰাপী, পুনৰ্বাসন বা পূৰ্বৰ জীৱনলৈ বিৱৰ্তনৰ প্ৰক্ৰিয়া (rehabilitation) আদিৰ প্ৰয়োগো কৰা হয়। চিকিৎসা প্ৰক্ৰিয়াত ৰোগীৰ পৰিয়াল-পৰিজন বা বন্ধুবৰ্গৰো সহায়-সহযোগিতা আৰু ৰোগক ভালদৰে বুজি সহমৰ্মিতাৰ হাত আগবঢ়োৱাও খুবেই জৰুৰী। এই দৰৱ আৰু চিকিৎসাৰ প্ৰক্ৰিয়াই একেদিনাই অথবা এসপ্তাহ-দহদিনতে আশানুৰূপ ফলাফল দিব পাৰিব বুলি আশা কৰাতো ভুল।

এনেবোৰ চিকিৎসাৰ প্ৰক্ৰিয়া দীঘলীয়া হয়, অৰ্থাৎ দৰৱেই হওক অথবা অন্যান্য ব্যৱহাৰিক থেৰাপী বা কাউন্সেলিঙেই নহওক, একেদিনাই ৰোগীজনৰ মন-মগজুত দীৰ্ঘকালৰ পৰা খুপনি পুতি থকা ধ্যান-ধাৰণা বা বিশ্বাসক তাৎক্ষণিকৰূপত পৰিৱৰ্তন কৰিব নোৱাৰে। গতিকেই ৰোগীৰ অভিভাৱকেও ইয়াত ধৈৰ্যসহকাৰে চিকিৎসা প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখি এই প্ৰক্ৰিয়া আগুৱাই নিয়াত সহযোগিতা আগবঢ়োৱাও প্ৰয়োজনীয় কথা। কেইবা সপ্তাহ বা মাহৰ চিকিৎসাৰ পিছত যেতিয়া ৰোগীজন ক্ৰমশঃ সুস্থ হৈ উঠিব, তাৰপিছতো আনকি ৰোগৰ চিকিৎসা আজীৱন চলাই নি থাকিব লাগিব। কাৰণ স্কিজ’ফ্ৰেনিয়া সম্পূৰ্ণকৈ নিৰ্মূল হোৱা ৰোগ নহয় বুলি পূৰ্বেই উল্লেখ কৰিছো।

 

লগতে পঢ়ক ‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

সামাজিক প্ৰভাৱ : এই বিষয়ে কিছু কথা উল্লেখ কৰাতো মনোৰোগ বিশেষজ্ঞ হিচাপে একপ্ৰকাৰৰ দ্বায়িত্বই। মানসিক ৰোগক আমাৰ সমাজত আজিও শাৰিৰীক ৰোগৰ দৰে একে স্থানত ৰখা নহয় বা সাধাৰাণ অথবা স্বাভাৱিক এক বিসংগতি বুলি গণ্য কৰা নহয়। অৰ্থাৎ শৰীৰৰটোৰ বেমাৰ হ’ব পাৰে, মনটোৰ কিয় নোৱাৰে— এই মনোভাৱ এতিয়াও আমাৰ সমাজত প্ৰগাঢ় হৈ উঠা নাই। মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ যোৱা বা মানসিক ৰোগৰ চিকিৎসা লোৱা মানেই ব্যক্তিজনক ‘পাগল’ বা ‘বলিয়া’ আখ্যা দিয়াতোহে এতিয়া পৰ্যন্ত অতিকেই সুলভ। সেইবাবেই বহু লোকে এতিয়াও আনকি নিজ পৰিয়ালবৰ্গ বা বন্ধুৰ আগতো নিজে কোনো মানসিক অশান্তিত, অস্থিৰতাত বা ৰোগত ভূগিছে বুলি ক’বলৈ অস্বস্তি অনুভৱ কৰে। তাৰ সলনি বহু সময়ত নিচাৰো আশ্ৰয় লোৱা দেখা যায়।

একেই কথা স্কিজ’ফ্ৰেনিয়াৰ ক্ষেত্ৰতো খাটে। অলীক, অবাস্তৱ কথা-কাণ্ড দেখা বা কৰা মানুহ বা অদ্ভুত আচৰণ কৰা মানুহ এজনতো সামাজিকভাৱে সাধাৰণ দৃষ্টিত নিৰ্ঘাত পাগলেই হ’ব লাগিব। এনে একে পৰিবেশত স্কিজ’ফ্ৰেনিয়া আক্ৰান্ত ৰোগীজনৰ প্ৰথম তথা প্ৰধান সহায় হ’ব লাগিব তেওঁ‌ৰ আত্মীয়-স্বজন। তেওঁ‌লোকে ৰোগবিধক বুজি, সহজভাৱে ল’ব পাৰিব লাগিব আৰু ৰোগীজনকো প্ৰয়োজন সাপেক্ষে সাহস বা সহযোগিতাৰ হাত আগবঢ়াব লাগিব। প্ৰয়োজনত দহটা প্ৰশ্ন বা ইতিকিং কৰা সমাজখনক উত্তৰ দিবলৈয়ো সাজু থাকিব লাগিব। এয়া অকল এজন ৰোগীৰ বাবেই নহয়, আপোনাৰ-মোৰ ঘৰ-পৰিয়াল বা বন্ধুৰ মাজৰ যিকোনো এজনেই স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত হ’ব পাৰে৷ আন যিকোনো শাৰিৰীক-মানসিক ৰোগৰ দৰেই। গতিকেই এই ৰোগক বুজক, অনুধাৱন কৰক আৰু আপোনাৰ আপোনজনক এক সুস্থ জীৱন যাপন কৰাৰ বাট প্ৰশস্ত কৰাত সহায় কৰক।

 

লেখক : এম ডি),স্নায়ৱিক মনস্তত্ত্ব বিভাগৰ মূখ্য পৰামৰ্শদাতা,

মেডিচিটি গুৱাহাটী, হাতীগাওঁ‌, ফোনঃ- ৮৬৩৮৯৮৫৬৬৪

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammental healthschizophrenia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
Next Post
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.