মধ্যপ্ৰাচ্যত বিগত কেইবাদিনো ধৰি চলি থকা যুদ্ধই এইবাৰ বিপজ্জনক মুৰ লৈছে৷ ট্ৰাম্পে ইতিমধ্যেই জনাইছে যে ইৰান এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে৷ সেয়ে এইবাৰ ইৰানে কেৱল সেনাৰ ঘাঁটিকেই লক্ষ্য কৰাৰ সলনি প্ৰযুক্তি আৰু ডিজিটেল কাঠামোকো আক্ৰমণৰ লক্ষ্যবস্তু কৰি লৈছে৷ ইৰানৰ মিডিয়া নেটৱৰ্ক তাছনিম নিউজে সম্প্ৰতি এক তালিকা প্ৰকাশ কৰিছে৷ তাতেই কোৱা হৈছে যে আমেৰিকান আইটি কোম্পানীসমূহৰ অফিচ আৰু কাঠামোক সম্ভাৱ্য লক্ষ্যবস্তু হিচাপে তালিকাত ৰখা হৈছে৷
ডাঙৰ আই টি কোম্পানীসমূহ আক্ৰমণৰ পৰিকল্পনা ইৰানৰ
এই তালিকাত আছে গুগল, মাইক্ৰছফ্ট, আমাজন, এনভিডিয়া, আই বি এম, ৱাৰাকল আৰু পেলাণ্টিৰ টেকনোলজিছৰ দৰে কোম্পানীসমূহৰ নাম৷ প্ৰতিবেদন অনুসৰি ইৰানে দাবী কৰে যে এই কোম্পানিসমূহ আমেৰিকান আৰু ইজৰাইলী সামৰিক প্ৰযুক্তিৰ সৈতে যুক্ত সেয়ে যুদ্ধৰ ক্ষেত্ৰত এইসমূহক বৈধ লক্ষ্যবস্তু হিচাপে বিবেচনা কৰিব পাৰে৷
মধ্যপ্ৰাচ্যই এই কোম্পানীসমূহৰ বহু গুৰুত্বপূৰ্ণ অফিচ আৰু ডাটা চেণ্টাৰসমূহো ইৰাণৰ এই তদন্তৰ আওঁতালৈ আহিছে৷ উদাহৰণস্বৰূপে গুগলৰ অফিচ ডুবাই আৰু কাটাৰত আছে৷ অন্যহাতে মাইক্ৰছফ্টৰ ক্লাউড কাঠামো আৰু আঞ্চলিক সদৰ দপ্তৰো এই অঞ্চলতেই অবস্থিত৷ সংযুক্ত আৰৱ আমিৰচাহি আৰু বাহৰেইনত আমাজনৰ কেইবাটাও ডাঙৰ ক্লাউড ডাটা চেণ্টাৰ আছে৷
ডিজিটেল জগতৰ ওপৰত আক্ৰমণ
প্ৰকৃতপক্ষে এই যুদ্ধতেই প্ৰথমবাৰৰ বাবে ডিজিটেল বিশ্বৰ অৱকাঠামোকো পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্যবস্তুত পৰিণত কৰা হৈছে৷ সম্প্ৰতি ১ মাৰ্চ ২০২৬ত ইৰানি ড্ৰোণৰ আক্ৰমণত কেইবাটাও আমাজনৰ ৱেব ছাৰ্ভিছৰ ডাটা চেণ্টাৰ প্ৰভাৱিত হৈছে৷ এই আক্ৰমণসমূহ সংযুক্ত আৰৱ আমিৰছাহি আৰু বাহৰেইনৰ ক্লাউড কাঠামোক ক্ষতি কৰিছে আৰু বহু অনলাইন পৰিসেৱা ব্যাহত হৈছে৷
প্ৰতিবেদনসমূহে ইংগিত দিয়ে যে এই আক্ৰমণসমূহৰ ফলত ষ্টোৰেজ, ডাটাবেচ আৰু কম্পিউটিং প্লেটফৰ্মৰ দৰে ক্লাউড পৰিসেৱাসমূহত ব্যাঘাত ঘটিছে৷ যিয়ে বহু কোম্পানি আৰু প্ৰতিষ্ঠানৰ ডিজিটেল পৰিসেৱাসমূহক প্ৰভাৱিত কৰিছে৷ আনকি বেংকিং আৰু স্বাস্থ্যসেৱা দপ্তৰৰ সৈতে সম্পৰ্কিত পৰিসেৱাসমূহকো প্ৰভাৱিত কৰিছে৷ বিশেষজ্ঞই ধাৰণা কৰিছে যে এতিয়া যুদ্ধ কেৱল সেনাবাহিনী বা অস্ত্ৰৰ মাজেৰে নহয় বৰং অৰ্থনৈতিক আৰু প্ৰযুক্তিগত কাঠামোক লক্ষ্য কৰিও কৰিবলৈ আৰম্ভ কৰিছে৷
বিশেষজ্ঞই আকৌ কৈছে যে ই সম্ভৱত আধুনিক যুদ্ধৰ এক নতুন ৰূপ, য’ত শত্ৰু দেশক তেওঁলোকৰ সেনাবাহিনীক লক্ষ্য কৰিয়েই নহয় বৰং তেওঁলোকৰ প্ৰযুক্তিগত মেৰুদণ্ড অৰ্থাৎ ডাটা চেণ্টাৰ, ক্লাউড নেটৱৰ্ক আৰু ডিজিটেল চিষ্টেমক লক্ষ্য কৰি দুৰ্বল কৰাৰ চেষ্টা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















