কভিডৰ দৰে এক ভাইৰাছ বিয়পাই আছে ৰাছিয়াই? কি কয় বিশেষজ্ঞই
বিগত কিছুদিনৰ পৰা ৰাছিয়াত ৰহস্যজনক ভাইৰাছৰ বৃদ্ধিৰ ফলত শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ সমস্যাৰ লক্ষণে দেখা দিয়া বুলি বহু বাতৰিত প্ৰকাশ পাই আহিছে। ইণ্ডিয়া টুডেৰ প্ৰকাশিত বাতৰি অনুসৰি এই ভাইৰাছৰ ফলত মানুহে পেশীৰ দুৰ্বলতা আৰু দীৰ্ঘদিনীয়া উচ্চ জ্বৰ আদি Covid-সদৃশ লক্ষণত ভুগিছে। তাৰে মাজতে বহুতে তেজ বমি কৰাৰ খবৰো আহিছে।
ক্ৰমাৎ বৃদ্ধি পোৱা উদ্বেগৰ মাজতে ৰাছিয়াৰ স্বাস্থ্য কৰ্তৃপক্ষই অচিনাক্ত ভাইৰাছৰ খবৰ খাৰিজ কৰিছে, বিষয়াসকলে স্পষ্ট কৰি দিছে যে কোনো নতুন ৰোগ সৃষ্টিকাৰী জীৱাণু ধৰা পৰা নাই আৰু এই ৰোগৰ কাৰণ সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ বাবে বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
ৰাছিয়াৰ সংবাদ মাধ্যমে একাধিক চহৰৰ লোকক আক্ৰান্ত কৰা এক ৰহস্যজনক ৰোগৰ বাতৰি প্ৰকাশ কৰাৰ পিছতে সম্ভাৱ্য প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ প্ৰকাশ পাইছিল। প্ৰাথমিক প্ৰতিবেদনত দাবী কৰা হৈছিল যে কোভিড-১৯ আৰু ইনফ্লুৱেঞ্জাৰ পৰীক্ষা নিগেটিভ পোৱাৰ পিছতো ৰোগীসকলে তীব্ৰ কাহ, জ্বৰ, শৰীৰৰ বিষত ভুগিছিল।
কিন্তু ৰাছিয়াৰ জনস্বাস্থ্য চকীদাৰ সংস্থা ৰছপ’ট্ৰেবনাডজৰে এই দাবীসমূহ নাকচ কৰি কয় যে, “ৰাছিয়ান ফেডাৰেচনত নতুন বা অচিনাক্ত ভাইৰাছ অহাৰ কোনো প্ৰমাণ পোৱা নাই।” কৰ্তৃপক্ষই জনোৱা মতে, ফ্লুৰ লক্ষণ অনুকৰণ কৰিব পৰা বেক্টেৰিয়াৰ সংক্ৰমণ মাইকোপ্লাজমা নিউমোনিয়াৰ ফলত এই ৰোগীৰ সংক্ৰমণৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















