অসম লাইভ২৪ঃ আজি দেৱশিল্পী বিশ্বকৰ্মাৰ পূজা৷ বিশ্বকৰ্মাক পৃথিৱীৰ প্ৰথমগৰাকী কৰ্মকাৰ বুলি শাস্ত্ৰত উল্লেখ আছে৷ প্ৰতি বছৰে কন্যা সংক্ৰান্তি অৰ্থাৎ সূৰ্যই কন্যা ৰাশিত প্ৰৱেশ কৰা তিথিত বিশ্বকৰ্মা পূজা পালন কৰা হয়৷ চলিত বছৰৰ বিশ্বকৰ্মা পূজা অত্যন্ত বিশেষ৷ কাৰণ ৫০ বছৰ পাছত এইবাৰ বিশেষ সংযোগ তৈয়াৰ হৈছে বিশ্বকৰ্মা পূজাত৷ এই তিথিত অফিচ, কাৰখানা, অস্ত্ৰ-শস্ত্ৰক পূজা কৰা হয়৷ ইয়াৰোপৰি ব্যৱসায়ত লেথাৰিকৈ লোকচান হ’লেও বিশ্বকৰ্মা পূজাৰ দিনা কিছু বিশেষ উপায় মানি চলিলে লাভজনক প্ৰমাণিত হয়৷ বিশ্বকৰ্মা পূজাৰ এই শুভ সংযোগৰ সময়ত দেৱ খনিকৰ বিশ্বকৰ্মাক কেনেকৈ পূজা কৰিব?
৫০ বছৰ পাছত তৈয়াৰ হৈছে দুৰ্লভ সংযোগ
হিন্দু পঞ্জিকা অনুযায়ী এই বছৰ বিশ্বকৰ্মা পূজাৰ দিনা সৰ্বাৰ্থসিদ্ধি যোগ, অমৃত সিদ্ধি যোগ, দ্বিপুষ্কৰ যোগ আৰু ব্ৰহ্ম যোগ তৈয়াৰ হৈছে৷ এই পৰিস্থিতিত বিশ্বকৰ্মা পূজা পৰাৰ বাবে বহু ফল লাভ কৰিব ভক্তই৷ এই তিথিত দ্বিপুষ্কৰ যোগ থকাৰ বাবে পুৱা ১০ বাজি ২ মিনিটৰ পৰা ১১ বাজি ৯ মিনিটলৈকে পূজা কৰিলে শুভ বুলি জনাইছিল জ্যোতিষ শাস্ত্ৰই৷ ইয়াৰোপৰি অমৃত সিদ্ধি যোগ আছিল পুৱা ৬ বাজি ১৭ মিনিটৰ পৰা ১০ বাজি ২ মিনিটলৈ৷ ইয়াৰোপৰি ব্ৰহ্ম যোগ আছিল ১৭ ছেপ্টেম্বৰৰ পুৱা ৪বাজি ১২ মিনিটৰ পৰা ১৮ ছেপ্টেম্বৰৰ পুৱা ৪বাজি ২৭ মিনিট পৰ্যন্ত৷
বিশ্বকৰ্মা পূজাৰ সাফল্য লাভৰ উপায়
সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিবলৈ বিশ্বকৰ্মা পূজাৰ দিনা তুলসী গছৰ বীজ তুলি এখন হালধীয়া কাপোৰত বান্ধি থব৷ তাৰপাছতেই সেই তুলসী বীজ নিজৰ বাওঁ হাতৰ বাহুত বান্ধি থ’ব পাৰে৷ এই উপায় অৱলম্বন কৰিলে সমস্ত বাধা দূৰ হ’ব৷ সাফল্য লাভ কৰিব৷
বিশ্বকৰ্মা পূজা এই উপায়েৰে কৰিলে হাতলৈ আহিব ধন
আৰ্থিক অনাটনৰ মুখামুখি হ’লে বিশ্বকৰ্মা পূজাৰ দিনা এই উপায় অৱলম্বন কৰিব পাৰে৷ ইয়াৰ বাবে পুজাৰ দিনা মিষ্টিৰ ভোগ নিবেদন কৰক৷ তাৰপাছতেই সেই মিষ্টি দান কৰক৷ এই উপায়েৰে আৰ্থিক সমস্যা সমাপ্ত হ’ব৷ ইয়াৰোপৰি আৰ্থিক লাভৰ পথ প্ৰশস্ত হ’ব৷
বিশ্বকৰ্মা পুজাত এই মন্ত্ৰ জপ কৰক
বিশ্বকৰ্মা পুজাৰ দিনা এই মন্ত্ৰ জপ কৰিলে ধন-সম্পদ লাভ কৰিব৷ ইয়াৰোপৰি ব্যৱসায়ত থকা সমস্ত বাধা দূৰ হ’ব৷ ব্যৱসায়ত লাভ পৰিমাণ বাঢ়িব৷ বিশ্বকৰ্মা পুজাত এইকেইটা মন্ত্ৰ জপ কৰিব পাৰে৷
ওম আধাৰ শক্তপে নমঃ
ওম কূময়ি নমঃ
ওম অনন্তম নমঃ
পৃথিব্যৈ নমঃ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ