অসম লাইভ২৪ঃ শনিবাৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছৰ যুদ্ধৰ পূৰ্ণ প্ৰভাৱ পৰিছে ভাৰতবৰ্ষতো। এই যুদ্ধৰ প্রভাৱ পৰিছে ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত। পৃথিৱীৰ যিকোনো কোণতেই যুদ্ধ বা মহামাৰী হ’লে শ্বেয়াৰ বজাৰত অস্থিৰতাই দেখা দিয়ে। একেই পৰিস্থিতি হৈছিল ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ সময়তো। কৰ’নাৰ সময়তো শ্বেয়াৰ বজাৰলৈ অস্থিৰতা আহিছিল। এইবাৰ আকৌ ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰ প্ৰভাৱ শ্বেয়াৰ মাৰ্কেটত পৰিছে। সোমবাৰে সপ্তাহৰ আৰম্ভণিতে ৰেড জ’ন ভাৰতীয় শ্বেয়াৰ বজাৰত। কেৱল ৰেড জ’নেই নহয় BSEৰ ছেনচেক্স সূচক প্ৰায় ৫০০ পয়েণ্টলৈ কমিছে। পুৱাৰে পৰাই বিপৰ্যয় আৰম্ভ হৈছে শ্বেয়াৰ মাৰ্কেটত।
৬৫৫৬০ পয়েণ্টৰ পৰা দিনটোৰ শেষত ছেনচেক্স ৬৫৫১২ হৈছেগৈ। বিগত এদিনৰ তুলনাত ০.৭৩ শতাংস বা ৪৮৩ পয়েণ্টৰ তললৈ আহিছে। সোমবাৰে শ্বেয়াৰ বজাৰত এই বিপৰ্যয়ত সৈ চিন্তিত হৈ পৰিছে এতিয়া বহুজন। ৩২০লাখ কোটি জমাৰ পৰা৩১৬ কোটিলৈ নামি আহিছে। ইয়াৰ অৰ্থ এদিনতেই মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই ৪লাখ কোটি সম্পদ হেৰুৱাইছে বিনিয়োগকাৰীয়ে।
শ্বেয়াৰ বজাৰেই নহয়, ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ প্ৰভাৱ পৰিছে ক্ৰুইড অইলতো। ক্ৰুইড অইলৰ আন্তৰ্জাতিক দাম ৪শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱত ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই যুদ্ধত শ্বেয়াৰ বজাৰত সৰ্বাধিক ক্ষতি হৈছে আদানী পোৰ্টছৰ। ষ্টকত এদিনতেই প্ৰায় ৪.৯০ শতাংশ ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰোপৰি ২শতাংশৰো অধিক ক্ষতিৰ মুখত পৰিছে মোটোকৰ্প, এইছডিএফচি লাইফ, এম এণ্ড এম, বিপিচিএলৰো শ্বেয়াৰত খহনীয়া। ইয়াৰোপৰি টাটা ষ্টিল, বাজাজ ফাইনেন্স, এছিয়ান পেইণ্টছৰ দৰে শ্বেয়াৰসমূহতো এই যুদ্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ