জীৱনত সফলতা লাভ কৰাটো সহজ নহয়। বহু বাধা-বিঘিনি পাৰ হৈ যি মানুহে নিজৰ লক্ষ্যত উপনীত হয়, তেওঁৰ সফলতাই আনকো অনুপ্ৰাণিত কৰে। বিটা গ্ৰুপৰ অধ্যক্ষ জে ৰাজমোহন পিল্লাইৰ জীৱনো তেনে এক প্ৰেৰণাদায়ক কাহিনী। ৬৭ বছৰ বয়সত ৰাজমোহন পিল্লাই আজি প্ৰায় ১৯ হাজাৰ কোটি টকাৰ ব্যৱসায়িক সাম্ৰাজ্যৰ মালিক। তেওঁৰ ব্যৱসায় কাজু প্ৰচেছিং, খাদ্য সামগ্ৰী, নুট কিঙৰ দৰে ব্ৰেণ্ড, লজিষ্টিক আৰু মনোৰঞ্জন আদি বিভিন্ন ক্ষেত্ৰত বিস্তৃত। ইয়াৰ উপৰি তেওঁ কেইবাটাও ষ্টাৰ্টআপত বিনিয়োগ কৰি নতুন প্ৰতিভাকো উৎসাহিত কৰে। কিন্তু আজিৰ এই সফলতাৰ আঁৰত আছে বহু বছৰৰ কঠিন সংগ্ৰাম।
মাত্ৰ ১৮ বছৰ বয়সতে আহিছিল ডাঙৰ দায়িত্ব
ৰাজমোহন পিল্লাই বি.কমৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হৈ থকাৰ সময়তে তেওঁৰ জীৱন হঠাৎ সলনি হৈ যায়। তেওঁৰ দেউতাক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ ব্যৱসায়ৰ দায়িত্ব তেওঁৰ কান্ধত আহি পৰে। ব্যৱসায়ৰ দায়িত্ব লোৱাৰ পিছত তেওঁ জানিব পাৰে যে পৰিয়ালৰ ব্যৱসায় গভীৰ ঋণত ডুব গৈ আছে। পৰিয়ালৰ সম্পত্তিৰ মূল্যৰ তুলনাত ঋণৰ পৰিমাণ বহুগুণে বেছি আছিল। আনকি এসময়ত তেওঁৰ সম্পত্তিও জব্দ কৰা হৈছিল। ইয়াৰ উপৰি তেওঁ ১৭৫ টাতকৈ অধিক আইনী গোচৰৰ সন্মুখীন হৈছিল। ইমানবোৰ সমস্যাৰ মাজতো ৰাজমোহনে প্ৰথমে নিজৰ শ্ৰমিকসকলৰ মজুৰি দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁৰ বাবে শ্ৰমিকৰ দায়িত্ব আৰু পৰিয়ালৰ সুনাম অতি গুৰুত্বপূৰ্ণ আছিল।
২৭ বছৰ ধৰি চলিছিল ঋণ পৰিশোধৰ যুঁজ
১৮ বছৰীয়া ৰাজমোহনৰ ব্যৱসায় চলোৱাৰ কোনো বিশেষ অভিজ্ঞতা নাছিল। এফালে বেংকৰ পৰা ধন পৰিশোধৰ হেঁচা, আনফালে বহু আইনী সমস্যা। কোনো কোনো সময়ত কেৱল ঋণৰ সুত হিচাপেই প্ৰতিমাহে প্ৰায় ৫৫ লাখ টকা পৰিশোধ কৰিবলগীয়া হৈছিল। কিন্তু তেওঁ সমস্যাৰ পৰা পলাই যোৱা নাছিল। লাভৰ পিছত দৌৰাৰ পৰিৱৰ্তে তেওঁৰ প্ৰথম লক্ষ্য হৈ পৰিছিল ঋণমুক্ত হোৱা। এইদৰে প্ৰায় ২৭ বছৰ ধৰি তেওঁ ধৈৰ্য আৰু পৰিশ্ৰমেৰে ঋণ পৰিশোধ কৰি গৈছিল। ইয়াৰ মাজতে ভাতৃ ৰাজন পিল্লাইৰ আকস্মিক মৃত্যুৰ পিছত তেওঁৰ ওপৰত আৰু প্ৰায় ১০৩ মিলিয়ন ডলাৰৰ ঋণৰ বোজা আহি পৰে। তথাপিও তেওঁ হাৰ নামানিলে। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত তেওঁ সকলো ঋণ পৰিশোধ কৰিবলৈ সক্ষম হয়।
মাতৃৰ শিক্ষাই দিছিল সাহস
ৰাজমোহনৰ সংগ্ৰাম কেৱল ব্যৱসায়িক বা আৰ্থিক সমস্যাতে সীমাবদ্ধ নাছিল। সৰুতে তেওঁ ডিছলেক্সিয়াৰ সমস্যাৰ সৈতেও যুঁজিছিল। ইয়াৰ বাবে পঢ়া-শুনাত তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। এই কঠিন সময়ত তেওঁৰ মাকে তেওঁক যথেষ্ট সহায় কৰিছিল। মাতৃয়ে তেওঁক অনুশাসন, দায়িত্ববোধ আৰু পৰিয়ালৰ সুনামৰ মূল্য শিকাইছিল। ১৮ বছৰ বয়সতে যেতিয়া ৰাজমোহনৰ ওপৰত বিশাল ঋণৰ বোজা পৰিছিল, তেতিয়াও মাকে তেওঁক হাৰ নামানিবলৈ উৎসাহিত কৰিছিল। মাকে তেওঁক সোঁৱৰাই দিছিল যে তেওঁৰ পৰিয়ালে সমাজত বহু বছৰ ধৰি সুনাম অৰ্জন কৰিছে আৰু সেই সুনাম ৰক্ষা কৰাটো তেওঁৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। এই কথাই ৰাজমোহনক কঠিন সময়তো দৃঢ় হৈ থাকিবলৈ সাহস দিছিল।
আজি বিশ্বজুৰি পৰিচিত বিটা গ্ৰুপ
দশক দশক ধৰি চলা কঠোৰ পৰিশ্ৰমৰ ফলত ৰাজমোহন পিল্লাইয়ে বিটা গ্ৰুপক এটা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছে। কাজু, আলমণ্ড, খেজুৰ, পেকেজড ফুড, পানীয়, লজিষ্টিক আৰু পৰামৰ্শমূলক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত গ্ৰুপটোৰ ব্যৱসায় বিস্তৃত হৈছে। ৰাজমোহন পিল্লাইৰ কাহিনী কেৱল ধন-সম্পত্তি অৰ্জনৰ কাহিনী নহয়। এয়া ১৮ বছৰ বয়সতে পৰিয়ালৰ বিশাল দায়িত্ব কান্ধত তুলি লৈ বহু বছৰ ধৰি ঋণ আৰু সমস্যাৰ সৈতে যুঁজ কৰা এজন মানুহৰ কাহিনী। তেওঁৰ জীৱনে এটা কথা স্পষ্ট কৰি দিয়ে—প্ৰতিকূল পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, ধৈৰ্য, পৰিশ্ৰম আৰু হাৰ নামানাৰ মানসিকতা থাকিলে সফলতা এদিন নহয় এদিন আহিবই।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















