• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

3 weeks ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

53 minutes ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

1 hour ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

1 hour ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

2 hours ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

3 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

3 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

5 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

5 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

6 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

7 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

8 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

বাৰে বাৰে কিয় হ*ত্যাকাৰীৰ টাৰ্গেট হৈছে কণ্ঠশিল্পী?

editor by editor
August 26, 2026
in অপৰাধ, বিনোদন, ভাৰত, সংগীত
0
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা
0
SHARES
702
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ পশ্চিম ছামলী জিলাত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড। দুৰ্বৃত্তই জনপ্ৰিয় হাৰিয়ানী গায়ক অংকিত বালিয়ানক গুলীয়াই হত্যা কৰে। সদৰ কোতৱালি অঞ্চলৰ ড্ৰেইন ট্ৰেকৰ সমীপত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, অংকিত বালিয়ানে সদায়ৰ দৰে জিমলৈ গৈছিল। সন্ধিয়া প্ৰায় ৬:৪৫ বজাত জিমৰ পৰা ওলাই অহাৰ সময়তে পূৰ্বৰে পৰা অপেক্ষা কৰি থকা আক্ৰমণকাৰীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, আততায়ীয়ে ২০জাইতকৈ অধিক গু*লী চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। গু*লীৰ শব্দ শুনি ওচৰৰ লোকসকলৰ মাজত হাহাকাৰ লাগে। অংকিত গুৰুতৰভাৱে আহত হৈ পথত বাগৰি পৰে। লগে লগে স্থানীয় লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃ*ত্যু হয়।

জনপ্ৰিয় গীতেৰে লাভ কৰিছিল পৰিচয়

অংকিত বালিয়ান হাৰিয়ানী সংগীত জগতৰ এগৰাকী পৰিচিত শিল্পী আছিল। তেওঁৰ ‘ভৰি ক’ৰ্ট মেই গো*লি মাৰেংগে মেৰী জান’ গীতটো যথেষ্ট জনপ্ৰিয় হৈছিল। এই গীতৰ জৰিয়তে তেওঁ পশ্চিম উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত বিশেষ পৰিচিতি লাভ কৰিছিল। অংকিতৰ ঘৰ ছামলীৰ বাণ্টীখেড়া অঞ্চলত বুলি জানিব পৰা গৈছে। তেওঁ জনপ্ৰিয় হাৰিয়ানী গায়ক মাছুম শৰ্মাৰ সৈতেও কাম কৰিছিল। তেওঁৰ আকস্মিক মৃ*ত্যুৰ খবৰে অনুৰাগী আৰু পৰিচিতসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

২০২৩ চনতো চৰ্চালৈ আহিছিল অংকিত

ইয়াৰ পূৰ্বেও অংকিত বালিয়ান এটা ৰোড শ্ব’ক কেন্দ্ৰ কৰি চৰ্চালৈ আহিছিল। ২০২৩ চনৰ জুলাইত ছামলীত তেওঁৰ কনভয়ৰ ৰোড শ্ব’ক লৈ অংকিতসহ প্ৰায় ৪০জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল। তদুপৰি, তেওঁ জিলা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবেও প্ৰস্তুতি চলাইছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই পূৰ্বৰ ঘটনাসমূহৰ সৈতে বৰ্তমানৰ হ*ত্যাকাণ্ডৰ কোনো সম্পৰ্ক আছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আৰক্ষীৰ তদন্ত আৰম্ভ

অংকিত বালিয়ানক কিয় হ*ত্যা কৰা হ’ল, সেই বিষয়ে এতিয়াও কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই। জিমৰ পৰা ওলাই অহাৰ সময়তে তেওঁক লক্ষ্য কৰি আক্ৰমণ কৰা ঘটনাই আৰক্ষীৰ সন্দেহ অধিক বৃদ্ধি কৰিছে। আক্ৰমণকাৰীয়ে অংকিতৰ দৈনন্দিন গতিবিধি আৰু জিমৰ পৰা ওলোৱাৰ সময়ৰ বিষয়ে আগতীয়াকৈ জানিছিল নেকি, সেই বিষয়েও তদন্ত কৰা হৈছে। ঘটনাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ওচৰৰ অঞ্চলসমূহৰ CCTV ফুটেজ পৰীক্ষা কৰা হৈছে। আক্ৰমণকাৰীসকল কোনখন বাহনত আহিছিল আৰু গু*লীচালনাৰ পিছত কোন পথেৰে পলায়ন কৰিছিল, সেই তথ্য বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। বৰ্তমান কেইবাটাও আৰক্ষীৰ দলে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। আক্ৰমণকাৰীৰ পৰিচয়, হ*ত্যাৰ উদ্দেশ্য আৰু এই হ*ত্যাকাণ্ডৰ আঁৰৰ সম্পূৰ্ণ কাৰণ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24murder casesinger
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ
ভাৰত

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

September 17, 2026
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
Next Post
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত...

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.