পেহেলগাম ঘটনাৰ পিছতে জম্মু-কাশ্মীৰ চৰকাৰৰ বিশেষ সিদ্ধান্ত, বন্ধ ৪৮ টা পৰ্যটনস্থল
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰ চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। চোৰাংচোৱা তথ্যৰ পিছত জম্মু-কাশ্মীৰৰ ৮৭টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮টা বন্ধ কৰা হৈছে। নিৰাপত্তা সংস্থাৰ পৰামৰ্শ অনুসৰি ওমৰ আব্দুল্লা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
কাশ্মীৰৰ ৮৭টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮টা চোৰাংচোৱা সংস্থাই সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা সন্দৰ্ভত সকীয়াই দিয়াৰ পিছত বন্ধ কৰি দিয়া হৈছে। সূত্ৰ অনুসৰি, পেহেলগাম আক্ৰমণৰ পিছত উপত্যকাটোত কিছু শ্লীপাৰ চেল সক্ৰিয় হৈ পৰিছে।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে পৰ্যটকৰ ওপৰত গুলীচালনা কৰি ২৬ জন লোকক নিৰ্মমভাৱে হত্যা কৰিছিল। সেনাবাহিনীৰ পোছাক পৰিধান কৰা সন্ত্ৰাসবাদীয়ে প্ৰথমে পেহেলগামৰ বৈছাৰণ উপত্যকাৰ পৰ্যটকসকলক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল, তেওঁলোকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰিছিল আৰু তাৰ পিছত তেওঁলোকক হিন্দু বুলি গুলীয়াই হত্যা কৰিছিল। নিহত ২৬ জন লোকৰ অধিকাংশই পৰ্যটক, আনহাতে দুজন বিদেশী আৰু দুজন স্থানীয় নাগৰিক।
এই আক্ৰমণত প্ৰায় ১৪ জন লোক আহত হয়। এই কাপুৰুষীয়া আক্ৰমণৰ দায়িত্ব ইয়াৰ পূৰ্বে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-টাইবাৰ সৈতে জড়িত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ) নামৰ এটা গোটে লৈছিল। অৱশ্যে পিছত টি আৰ এফে স্পষ্ট কৰি দিলে যে এই আক্ৰমণৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ