প্ৰখ্যাত গজল কণ্ঠশিল্পী জগজিৎ সিঙৰ এটি গীত আছে— “ন উম্ৰ কী সীমা হৌ, ন জন্ম কা হৌ। জব প্যায়াৰ কৰে টু দেখহে কেৱল মন…৷” অৰ্থাৎ গীতটোত কোৱা হৈছে যে প্ৰেমত বয়সৰ সীমা নাই বা কোনো বান্ধোন নাই, ইয়াত কেৱল মনটোকেই দেখা যায়।
এই বিখ্যাত গীতটোৰ কথাকেই পুনৰ প্ৰমাণ কৰি দিলে জাপানৰ পপ তাৰকা য়ুকি টম’ৱে। য়ুকিয়ে তেওঁতকৈ বয়সত ২৭ বছৰ জ্যেষ্ঠ এজন পুৰুষক বিয়া কৰাইছে৷ তেওঁ হৈছে ৪৭ বছৰীয়া মিটছুও৷ উল্লেখনীয় কথাটো হ’ল য়ুমিৰ মাতৃ আৰু তেওঁৰ স্বামী মিটছুঅ’ৰ দুয়োৰে বয়সত সমান৷
আনহাতে, এই প্ৰেম তথা বিবাহো কম নাটকীয় নহয়! য়ুকিয়ে বিয়া কৰোৱা পুৰুষজন তেওঁৰ অনুৰাগী আছিল৷ কোনো উপলক্ষ্য নোহোৱাকৈ য়ুমিয়ে আৰু এদিন মিটছুঅ’ক লগ পাইছিল৷ তেতিয়া য়ুমিৰ বয়স আছিল ১৭ আৰু মিটছুঅ’ৰ বসয় ৪৪ বছৰ৷ আৰু লাহে লাহে দুয়োজনে ইজনে সিজনক হৃদয় দিবলৈ ধৰিলে।
লগতে পঢ়ক এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!
জাপানাী সংবাদ পত্ৰ য়াহুৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনত য়ুকি ট’মৱে এটা আইডল গ্ৰুপত আত্মপ্ৰকাশ কৰিছিল। মানুহে তেওঁৰ অভিনয় বহুত ভাল পাইছিল আৰু লাখ লাখ মানুহ তেওঁৰ অনুৰাগী হৈ পৰিছিল।
আৰু মিটছুও আছিল এই লাখ লাখ অনুৰাগীৰ ভিতৰত এজন। য়ুকিৰ অভিনয় দেখি তেওঁ হৈ পৰিল তেওঁৰ অনুৰাগী। এবাৰ য়ুমিক লগ পোৱাৰ সপোন দেখিছিল মিটছুওৱে। য়ুকিৰ প্ৰতিটো কনচাৰ্টত তেওঁ উপস্থিত আছিল। ইয়াৰ পিছতে নাটকীয়ভাৱে ওছাকাত তেওঁলোকৰ সাক্ষাৎ ঘটিছিল৷
কেইদিনমানৰ পিছত প্ৰতিটো কনচাৰ্টতে মিটছুঅ’ৰ উপস্থিতি লক্ষ্য কৰিছিল য়ুকিয়ে। মিটছুঅ’ৰ সেই কথাটোত ভাল লাগিবলৈ ধৰিলে। ইয়াৰ পিছত দুয়োৰে মাজত আৰম্ভ হ’ল কথা-বতৰা।
লগতে পঢ়ক কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!
য়ুকি ট’মৱে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘মই ভাবো মিটছুও আন অনুৰাগীতকৈ পৃথক। মই তেওঁক বিশ্বাস কৰি মোৰ সমস্যাবোৰ শ্বেয়াৰ কৰিব পাৰো, যিটো মই কেতিয়াও আন কাৰো লগত কৰিব নোৱাৰো।’’
সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুয়োৰে মাজত কথা বতৰা আৰম্ভ হোৱাৰ কিছুদিন পিছতে মিটছুওৱে য়ুকি ট’মৱৰ কনচাৰ্টত উপস্থিত থকাটো বন্ধ কৰি দিয়ে। যেতিয়া য়ুকিয়ে মিটছুঅ’ক দেখা নাপায় দুখ লাগিলবলৈ ধৰিলে।
লগতে পঢ়ক কেৱল TET উত্তীৰ্ণ শিক্ষকেহে পঢ়াব পাৰিব মাদ্ৰাছাত
ইয়াৰ পাছত য়ুমিয়ে নিজেই মিটছুঅ’ৰ ঠিকনা বিচাৰি তেওঁৰ সৈতে যোগাযোগ কৰিলে। সি মিটছুঅ’ক লগ পাই নিজৰ অনুভৱৰ বিষয়ে ক’লে। ইয়াৰ পিছত মিটছুওৱেও তাইক লগে লগে প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু দুয়োজনে বিয়াৰ সিদ্ধান্ত লয়।
যেতিয়া য়ুকিৰ মাক-দেউতাকে গম পালে যে ২৭ বছৰ ডাঙৰ মানুহ এজনক বিয়া কৰাব, তেতিয়া তেওঁলোক ইয়াৰ বিৰোধিতা কৰিলে৷ য়ুকিয়ে পৰিয়ালৰ লোকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে।
এদিন তেওঁৰ পৰিয়াল মান্তি হ’ল আৰু চলিত বৰ্ষৰ এপ্ৰিল মাহত মিটছুও আৰু য়ুকিৰ বিবাহসম্পন্ন হৈ যায়। এই বিয়াৰ ভিডিঅ’টোও তেওঁ ইউটিউবত শ্বেয়াৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ