এতিয়াৰে পৰা মাদ্ৰাছাত পঢ়োৱাবলৈ হ’লে শিক্ষকজন TET উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক।
মাদ্ৰাছা মডাৰ্ণাজ্যেশ্বন স্কিমৰ জৰিয়তে এতিয়াৰে পৰা TET উত্তীৰ্ণ শিক্ষককহে নিযুক্তি দিব মাদ্ৰাছাত।
উত্তৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
লগতে পঢ়ক প্ৰকাণ্ড এনাকোণ্ডা আৰু ঘঁৰিয়ালৰ মাজত মৰণপণ যুঁজ! কোন হ’ল জয়ী? ভিডিঅ’ ভাইৰেল
নিযুক্তিৰ ক্ষেত্ৰত বহু নিয়মৰো সংশোধন ঘটাব যোগী আদিত্যনাথৰ চৰকাৰে। সেই নিয়মসমূহ শীঘ্ৰে কৰিব ৰাজহুৱা।
কেৱল সেয়াই নহয়, মাদ্ৰাছা শিক্ষাৰ ক্ষেত্ৰত সংশোধন আনিবৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰস্তুত কৰিছে এটা নতুন মোবাইল এপ্।
UP Madarsa E-Learning এপৰ জৰিয়তে ডিজিটেলি শিক্ষা দান কৰা হ’ব শিক্ষাৰ্থীক। চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যখনত সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ