নিৰ্বাচনৰ প্ৰাকক্ষণত অসম বিজেপিত মোক্ষম আঘাত।
ৰাজেন গোঁহাইৰ পিছতেই আজি দল ত্যাগ কৰিলে সৰুপথাৰৰ শক্তিশালী জেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াই।
বিজেপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আগন্তুক ২৬ৰ সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীত্বৰ প্ৰবল দাবীদাৰ আছিল চুতীয়া ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সৰুপথাৰৰ এক জনসভাত বিশ্বজিৎ ফুকনৰ নাম ঘোষণা কৰাৰ পাছতেই এই সিদ্ধান্ত জীৱন চুতীয়াৰ৷
অসম বিজেপিৰ কেইবাটাও বিষয়বাবৰ দায়িত্বত আছিল জীৱন চুতীয়া।
সোমবাৰে শতাধিক সমৰ্থকৰ সৈতে বিজেপিৰ জিলা কাৰ্যালয়ত পদত্যাগ পত্ৰ প্ৰদান কৰি দলত্যাগ কৰিছে জীৱন চুতীয়াই।
শীঘ্ৰে অসম জাতীয় পৰিষদত যোগদান কৰি সৰুপথাৰ সমষ্টিৰ পৰা বিৰোধীৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ সম্ভাৱনা ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















