অসম লাইভ২৪ঃ ১৯ ছেপ্টেম্বৰত গণেশ চতুৰ্থীৰ দিনাই জিঅ’ এয়াৰ ফাইবাৰ লঞ্চ কৰিছে ৰিলায়েন্সে৷ উচ্চ গতিসম্পন্ন ৱায়াৰলেছ ইণ্টাৰনেট পৰিসেৱা মুকলি কৰিবলৈ সক্ষম হৈছে জিঅ’ ফাইবাৰ৷ সংস্থাৰ দাবী অনুসৰি1Gbps স্পীডত চলিব ইণ্টাৰনেট৷ এই স্পীড জিঅ’ ফাইবাৰৰ তুলনাত কেইবাগুণো বেছি৷ নতুন ডিভাইছ লঞ্চ কৰিছে যদিও ইনষ্টলেছন খৰচ কিমান সেই কথা এতিয়াও আম্বানীৰ সংস্থাই জনোৱা নাই৷ বিশেষকৈ যিসকলে নিজা বাসগৃহত এই ডিভাইছ বহুৱাব বিচাৰিছে তেওঁলোকে এই দাম সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ উঠিছে৷ জিঅ’ ফাইবাৰ ইনষ্টলেছনত কিমান খৰচ হ’ব সেই সম্পৰ্কে আম্বানীৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে বিশেষ তথ্য৷
জিঅ’ এয়াৰ ফাইবাৰ ইনষ্টলেছনত কিমান ধন খৰচ হ’ব?
জিঅ’ৰ অফিচিয়েল ৱেবচাইটৰ তথ্য অনুসৰি আল্ট্ৰা ফাষ্ট কানেকছন লাভ কৰিবৰ বাবে গ্ৰাহকসকলৰ ঘৰত ছাদ বা বাহিৰৰ কোনো আউটডৰ ইউনিট চেটআপ কৰা হ’ব৷ এই ইনষ্টলেছনৰ বাবদ ১০০০ টকা খৰচ হ’ব৷ এই টকা কেৱল কানেকছন ল’বৰ বাবেহে৷ বাৰ্ষিক প্লেন তাৰ পাছত এক্টিভ কৰাব পাৰে, ছমহীয়া, মাহেকীয়া, তিনিমহীয়া প্লেনৰ সুবিধাও থাকিব পাৰে৷ জিঅ’ ক্ৰেডিট কাৰ্ড বা ডেভিট কাৰ্ডৰ মাধ্যমেৰে EMIতো ধন দিব পাৰে৷ এই ডিভাইছ ঘৰলৈ আনিবলৈ হ’লে গ্ৰাহকে জিঅ’ৰ অফিচিয়েল ৱেবচাইট অথবা নিকটবৰ্তী জিঅ’ ষ্টোৰত ভিজিট কৰিব পাৰে৷
৫৯৯ ৰ পৰা আৰম্ভ হ’ব প্লেন
জিঅ’ এয়াৰ ফাইবাৰৰ এণ্ট্ৰী লেভেল প্লেন আছে ৫৯৯টকাৰ পৰা৷ য’ত 30Mbps স্পীড থাকিব৷ ইয়াৰ পাছতেই আছে 899 টকাৰ এটা প্লেন, ১১৯৯ টকা, ১৪৯৯ টকা, ২৪৯৯টকা, ৩৯৯৯ টকাৰো প্লেন আছে বুলি জনাইছে ঘনিষ্ঠ সূত্ৰটোৱে৷ প্ৰত্যেকটো প্লেনতেই আনলিমিটেড ডাটা পোৱা যাব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷
১৬টা অটিটি আৰু ৫৫০ টা ডিজিটেল টিভি চেনেল
জিঅ’ এয়াৰ ফাইবাৰৰ সৈতে নেটফ্লিক্স, আমাজন প্ৰাইম, জিঅ’ চিনেমাসহ মুঠ ১৬টা অটিটি প্লেটফৰ্মৰ ছাবস্ক্ৰিপছন আৰু ৫৫০তকৈয়ে বেছি ডিজিটেল চেনেল এক্সেছ সম্পূৰ্ণ ফ্ৰীকৈ পাব গ্ৰাহকে৷ বৰ্তমান দেশৰ ৪খন চহৰত আৰম্ভ হৈছে এই সেৱা৷
জিঅ’ ফাইবাৰৰ পৰা জিঅ’ এয়াৰ ফাইবাৰ?
যিসকলৰ গ্ৰাহকে পূৰ্বে জিঅ’ ফাইবাৰ লৈছে তেওঁলোকে জিঅ’ এয়াৰ ফাইবাৰলৈ এয়া স্থানান্তৰ কৰিব পাৰিবনে? এই বিষয়টোক লৈ বহুতেই প্রশ্ন কৰিছে৷ সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি জিঅ’ ফাইবাৰৰ হাই স্পীড আৰু বঢ়াই দিয়া হ’ব৷ কিন্তু গ্ৰাহকে অত্যাধিক হাই স্পীড বিচাৰিলে এয়াৰ ফাইবাৰৰ বেকআপ ল’ব পাৰিব৷ তাৰবাবে তেওঁলোকে এক সীমিত পৰিমানৰ ধন ব্যয় কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ