‘পত্নী নিৰ্যাতনকাৰী স্বামী’ৰ অভিধাৰ পৰা কলংকমুক্ত হৈ হলিউদৰ অভিনেতা জনী ডেপে এক ব্যয় বহুল বিজয় উৎসৱ পালন কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷
মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক পোষ্টৰ বাতৰিৰ মতে প্ৰাক্তন পত্নী তথা হলিউদৰ অভিনেত্ৰী এম্বৰ হাৰ্ডৰ বিৰুদ্ধে মানহানি গোচৰত জয়ী হোৱাৰ পিছতে অভিনেতা জনী ডেপে এখন ভাৰতীয় ৰেষ্টুৰেণ্টত প্ৰায় ৪৮.১ লাখ টকা ব্যয় কৰি বিজয় উৎসৱ উদযাপন কৰে৷
বাতৰিটোৰ মতে, মানহানি গোচৰত জয়ী হোৱাৰ পিছতে বন্ধু বৰ্গকলৈ অভিনেতা জনী ডেপে যোৱা দেওবাৰে ইংলেণ্ডৰ বাৰ্মিংহামত এখন ভাৰতীয় ৰেষ্টুৰেণ্টত ৬২ হাজাৰ মাৰ্কিন ডলাৰতকৈ অধিক ধন খৰচ কৰি বিজয় উৎসৱ পালন কৰে৷
লগতে পঢ়ক ‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!
শেহতীয়াকৈ পাইৰেটছ অৱ দ্য কেৰিবিয়ান তাৰকাগৰাকীক যোৱা বুধবাৰে ভাৰ্জিনিয়াৰ ফেয়াৰফেক্সৰ এখন আদালতে প্ৰাক্তন পত্নী এম্বৰ হাৰ্ডৰ বিৰুদ্ধে হোৱা মানহানিৰ গোচৰত ১৫ মিলিয়ন ডলাৰ প্ৰদান কৰিছিল।
৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে ‘বাৰ্মিংহামৰ সৰ্ববৃহৎ ভাৰতীয় ৰেষ্টুৰেণ্ট’ খ্যাত ‘বাৰাণসী’ত ভাৰতীয় খাদ্যৰ সৈতে ৰোজ চেম্পেইনেৰে পাৰ্টি উদযাপন কৰিছিল।
বাৰাণসীৰ অপাৰেচন ডাইৰেক্টৰ মহম্মদ হুছেইনে নিউয়ৰ্ক পোষ্টক জনায় যে দেওবাৰে বিয়লি তেওঁলোকলৈ এটা ফোন কৰি জনী ডেপে তেওঁৰ বন্ধু বান্ধৱৰ সৈতে খাবলৈ আহিব বিচাৰে।
লগতে পঢ়ক সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?
‘‘মই থতমত খাইছিলো৷ আৰু প্ৰথমতে, মই ভাবিছিলো যে হয়তো কৌতুক হ’ব পাৰে! কিন্তু তাৰ পিছত তেওঁৰ নিৰাপত্তাৰক্ষীৰ দল আহি ৰেষ্টুৰেণ্টখন চেক আউট কৰিলে, আৰু আমি তেওঁলোকক ৰেষ্টুৰেণ্টৰ গোটেই ঠাইখন দিবলৈ দিলো৷ কাৰণ আমি চিন্তিত আছিলো যে তেওঁ হয়তো আন লোকে তেওঁলোকক আমনি কৰিব পাৰে!’’ হুছেইনে লগতে কয়।
মিষ্টাৰ ডেপে বন্ধু বৰ্গৰ সৈতে ৰেষ্টুৰেণ্টখনত প্ৰায় তিনি ঘণ্টা সময় পাৰ্টি কৰি মেনেজাৰৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালক সাক্ষাৎ কৰি তাৰ পিছত গুচি যায় বুলিও কোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ