হলিউদৰ অভিনেতা জনী ডেপ আৰু অভিনেত্ৰী এম্বাৰ হাৰ্ডৰ মানহানি গোচৰৰ বিচাৰ ছয় সপ্তাহৰ পিছত যোৱা বুধবাৰে এক আদালতে মীমাংসা কৰে৷
ভাৰ্জিনিয়াৰ ফেয়াৰফেক্সত এই বিচাৰত প্ৰাক্তন স্বামী জনী ডেপে জয়ী হৈ ৫ কোটি ডলাৰৰ ক্ষতিপূৰণ লাভ কৰিছে। প্ৰাক্তন পত্নী তথা অভিনেত্ৰী এম্বৰ হাৰ্ডে এই গোচৰত পৰাজিত হোৱাৰ পিছতে মানসিকভাৱে ভাগি পৰা বুলিও চৰ্চা লাভ কৰিছে৷
ঠিক তেনে সময়তে চৌদি আৰৱৰ এজন লোকে মানসিকভাৱে বিধ্বস্ত হৈ পৰা এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ প্ৰদান কৰিছে। আনকি লোকজনে ইনষ্টাগ্ৰামত এম্বৰলৈ এটা ভইচ নোট পঠিয়াই নিজকে ‘বুঢ়া’ জনী ডেপতকৈ ভাল বুলি অভিহিত কৰে।
লগতে পঢ়ক নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?
ইণ্টাৰনেটত ভাইৰেল হৈ থকা ভইচ নোটটোত মানুহজনে কোৱা শুনা যায়, “এম্বৰ, যিহেতু তোমাৰ সকলো দুৱাৰ বন্ধ হৈ গৈছে, তোমাৰ যত্ন ল’বলৈ মোৰ বাহিৰে তোমাৰ কাষত আৰু কোনো নাই। মই লক্ষ্য কৰিছো যে কিছুমানে তোমাক ঘৃণা কৰে আৰু গুণ্ডাগিৰি কৰে৷ সেয়েহে, মই তোমাক বিয়া কৰাবলৈ সিদ্ধান্ত লৈলো। আল্লাহে আমাৰ দুয়োকে ভালে ৰাখক। তুমি ভাল, কিন্তু মানুহে তোমাৰ শলাগ লোৱা নাই। কিন্তু, মই সেই বুঢ়া মানুহজনতকৈ ভাল।’’
ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ব্যক্তিয়ে লিখিছে, “এয়া আচৰিত কথা যে এজন চৌদি মানুহে এম্বৰ হাৰ্ডক বিয়া কৰাবলৈ আগ্ৰহী হৈছে, যিগৰাকীক জনী ডেপক বিপুল পৰিমাণৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া হৈছে। বিধ্বস্ত অভিনেত্ৰীগৰাকীৰ কটা ঘাঁত নিমখ লগাই দিয়াৰ বাদে এয়া আন একো নহয়।”
আন এজন ব্যক্তিয়ে “এইটো ক্ৰিপি” বুলি কোৱাৰ বিপৰীতে আন বহুতে পোষ্টটোৰ কমেণ্ট ছেকচনত হাঁহি থকা ইমোজিৰে বুৰাই পেলাইছে।
লগতে পঢ়ক ‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!
উল্লেখ্য যে যোৱা বুধবাৰে অভিনেতা জনীয়ে তেওঁ আৰু তেওঁৰ প্ৰাক্তন পত্নী তথা অভিনেত্ৰী এম্বৰ মাজত হোৱা এটা হাই প্ৰফাইল মানহানিৰ গোচৰত জয়লাভ কৰে। জনীয়ে দাবী কৰিছিল যে এম্বৰে নিজকে গাৰ্হস্থ্য হিংসাৰ বলি হোৱা বুলি কোৱাৰ লগতে জনীক ‘পত্নী নিৰ্যাতনকাৰী’ বুলিও অভিহিত কৰিছিল।
জুৰীয়ে জনীক ১৫ মিলিয়ন ডলাৰ ক্ষতিপূৰণ প্ৰদান কৰে। অৱশ্যে জনীৰ বিৰুদ্ধে কৰা মানহানিৰ গোচৰৰ এটা অংশও এম্বৰেও জয়ী হৈছে, যিবোৰ বক্তব্যত জনীৰ প্ৰাক্তন অধিবক্তাই তেওঁৰ ঘৰুৱা নিৰ্যাতনৰ দাবীক প্ৰৱঞ্চনা বুলি অভিহিত কৰিছিল। জুৰীয়ে অম্বাৰক ২০ লাখ ডলাৰ ক্ষতিপূৰণ প্ৰদান কৰিছে।
কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰ পিছত ২০১৫ চনত জনী আৰু এম্বৰে লছ এঞ্জেলছৰ নিজা বাসগৃহত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল। ২০১৬ চনৰ ২৩ মে’ত তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায় আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ