• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…

ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…

4 years ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

22 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

49 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

5 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

13 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…

editor by editor
June 7, 2022
in ভাৰত, ৰাজনীতি
0
ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…
0
SHARES
343
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ অহা ২৫ জুলাইত সমাপ্ত হ’ব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল৷ আৰু সেইবাবে সংবিধান অনুসৰি চলিত বৰ্ষৰ ২৫ জুলাইৰ পূৰ্বে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন৷

কিন্তু আগন্তুক এই নিৰ্বাচন bjpৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিছে৷ ২০১৪ চনৰ পাছত দেশত অব্যাহত আছে bjpৰ ৰাজনৈতিক জয়যাত্ৰা৷ প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ নিৰ্বাচনতে bjpএ অভাৱনীয় সফলতা লাভ কৰিছে ৷ এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ দলটোৰ শীৰ্ষ নেতৃত্বৰ ৰাজনৈতিক কৌশলৰ শলাগ ল’বই লাগিব৷ আনকি বিৰোধী শিবিৰৰ ৰথী-মহাৰথীসকলেও bjpৰ ৰাজনৈতিক কৌশলক পৰোক্ষভাৱে হ’লেও শ্ৰেষ্ঠতাৰ স্বীকৃতি দিছে৷ অন্য অৰ্থত দেশত হিন্দুত্ব আৰু গেৰুৱা বাহিনীৰ অঘোষিত জয়যাত্ৰা চলিব লাগিছে৷

অৱশ্যে ইয়াৰ আঁৰত বিজেপি দলৰ কিছু পেছাদাৰী চিন্তাধাৰা (Professional Attitude)ও নথকা নহয়৷ কিন্তু তৎসত্ত্বেও আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ যথেষ্ট উদ্বিগ্ন হৈ আছে bjpৰ বহু শীৰ্ষ নেতা৷ ৰণকৌশল প্ৰস্তুতকাৰী গোটৰ মাজতো চলিব লাগিছে ন ন চিন্তাধাৰা৷ মুহূৰ্তে মুহূৰ্তে সলনি হৈছে ৰাজনৈতিক সমীকৰণ৷ কিন্তু কিয়? সকলো নিৰ্বাচনতে অভাৱনীয় সফলতা অৰ্জন কৰা দলটো আজি চিন্তিত হোৱাৰ কাৰণ উলাই কৰিব পৰা বিধৰ নহয়৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ লগতে দেশৰ বিধানসভাসমূহৰ সদস্য অৰ্থাৎ বিধায়কসকলেহে ভোটদান কৰিব পাৰে৷ এই ভোটদান আৰু ভোটগণনাৰ প্ৰক্ৰিয়াও যথেষ্ট জটিল৷ সেই জটিলতা সাম্প্ৰতিক সময়ত bjpৰ পক্ষত নাই৷ সেইবাবেই চিন্তিত হৈ উঠিছে দলটো৷

 

লগতে পঢ়ক প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব পাৰিব লোকসভাৰ ৫৪৩ গৰাকী সাংসদ, ৰাজ্যসভাৰ ২৪৫ গৰাকী সাংসদ আৰু দেশৰ বিধানসভা সমূহৰ ৪১২৮ গৰাকী বিধায়কে৷ বিধায়ক আৰু সাংসদসকলৰ ভোটৰ মূল্যও পৃথক পৃথক৷ ৰাজনৈতিক সমীকৰণত ভোটৰ মূল্যই নিৰ্ধাৰণ কৰে চূড়ান্ত সিদ্ধান্ত৷ অৰ্থাৎ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ব কোন?

সাংসদ আৰু বিধায়কসকলক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটাৰ বা ইলেক্টৰেল কলেজ বুলি জনা যায়৷ এই ইলেক্টৰেল কলেজেই bjpৰ সন্মুখত সৃষ্টি কৰিছে এক বৃহৎ প্ৰত্যাহ্বান৷ জয়-পৰাজয়ক লৈ নিশ্চিত হ’ব পৰা নাই শাসনাধিষ্ঠিত bjp আৰু সহযোগী দলৰ নেতৃবৰ্গ৷ সাম্প্ৰতিক সময়ত লোকসভাত bjpৰ সাংসদসকলৰ ভোটৰ মুঠ মূল্য ২,৩৬,৪৭২৷ ৰাজ্যসভাৰ সাংসদসকলৰ ভোটৰ মূল্য ৭৬,৪৬৪৷ আৰু বিধানসভা সমূহত থকা বিধায়কৰ মুঠ ভোটৰ মূল্য ২,১৭,০৪৬৷ এই সমুদায় ভোটৰ মুঠ মূল্য ৫,৩০,৬৯০৷ অৰ্থাৎ nda বা bjp মিত্ৰজোঁটৰ পক্ষত যি সকল সাংসদ আৰু বিধায়ক আছে তেওঁলোকে সাব্যস্ত কৰিবলগীয়া ভোটৰ মুঠ মূল্য হৈছে ৫,৩০,৬৯০৷ এই মূল্যৰ ভোট লাভ কৰি bjpৰ প্ৰাৰ্থীগৰাকী ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হ’বনে? ইয়াৰ উত্তৰ জানিবলৈ আমি বিৰোধী শিবিৰত থকা সাংসদ আৰু বিধায়কৰ ভোটৰ মূল্যও বিশ্লেষণ কৰিব লাগিব৷

কংগ্ৰেছ আৰু সহযোগী দল সমূহৰ পক্ষত থকা লোকসভা সাংসদসকলৰ মুঠ ভোটৰ মূল্য ৭৭,৮৮০৷ ৰাজ্যসভা সাংসদসকলৰ মুঠ ভোটৰ মূল্য ৩৫,৪০০ আৰু বিধানসভা সমূহত থকা বিধায়কসকলৰ মুঠ ভোটৰ মূল্য ১,৪৬,৬০০৷ সেই অনুসৰি কংগ্ৰেছ আৰু সহযোগী দল সমূহৰ পক্ষত থকা ভোটৰ মুঠ মূল্য ২,৫৬,৭৫৬৷

 

লগতে পঢ়ক প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

আনহাতে অন্যান্য দল সমূহৰ পক্ষত থকা ভোটৰ মূল্যও এই সমীকৰণত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিছে৷ কিয়নো অন্যান্য দল সমূহৰ সাংসদ অথবা বিধায়কেহে এইবাৰ নিৰ্ণয় কৰিব পাৰিব দেশৰ ভৱিষ্যৎ ৰাষ্ট্ৰপতিগৰাকীৰ বিজয়৷ অন্যান্য দল সমূহৰ পক্ষত লোকসভা সাংসদৰ মুঠ ভোটৰ মূল্য ৬৭,৯৬৮৷ ৰাজ্যসভা সাংসদৰ মুঠ ভোটৰ মূল্য ৪৬,২৭৮৷ আৰু বিধানসভা সমূহত থকা বিধায়কসকলৰ মুঠ ভোটৰ মূল্য ১,৭৭,৫৭৫৷ কংগ্ৰেছ আৰু অন্যান্য দল সমূহৰ পক্ষত থকা ভোটৰ মুঠ মূল্য ৫,৫১,১৫১৷ এই সংখ্যা bjp আৰু মিত্ৰজোঁটৰ অৰ্থাৎ ndaৰ পক্ষত থকা ভোটৰ সংখ্যাতকৈ যথেষ্ট বেছি৷ শতাংশৰ হিচাপত ndaৰ পক্ষত আছে মুঠ ইলেক্টৰেল কলেজৰ ৪৯ শতাংশ ভোট, কংগ্ৰেছ আৰু সহযোগী দলৰ পক্ষত আছে ২০.০৪ শতাংশ ভোট আৰু অন্যান্য দল সমূহৰ পক্ষত আছে ২৬.৯৮ শতাংশ ভোট৷

যদি বিৰোধী শিবিৰৰ মুঠ ভোটৰ অংশ হিচাপ কৰা হয় তেন্তে bjp বিৰোধী শিবিৰত থকা মুঠ ভোটৰ পৰিমাণ ৫১ শতাংশ৷ এই দৃষ্টিকোণৰ পৰাও সন্মিলিত বিৰোধীৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ সম্ভাৱনা থাকে৷ সংখ্যাৰ দৃষ্টিত এইপৰ্যন্ত bjp বিৰোধী শিবিৰত সম্ভাৱনা প্ৰৱল হৈ আছে৷ আৰু যদি আগন্তুক দুসপ্তাহৰ ভিতৰত বিশেষ কোনো নতুন ৰাজনৈতিক পৰিস্থিতিৰ উদ্ভৱ নহয়, তেন্তে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত bjpৰ প্ৰাৰ্থীগৰাকী পৰাজিত হোৱাটো নিশ্চিত হৈ আছে৷

অৱশ্যে এই ক্ষেত্ৰত প্ৰাৰ্থী বাছনিৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ৷ বিৰোধী শিবিৰৰ ইলেক্টৰেল কলেজৰ বিভাজন আনিবলৈ nda চৰকাৰে শাসক-বিৰোধী উভয়ৰে সমৰ্থন থকা এক উমৈহতীয়া প্ৰাৰ্থীৰো সন্ধান অব্যাহত ৰাখিছে৷ এই মুহূৰ্তলৈকে ndaৰ প্ৰাৰ্থী হিচাপে সৰ্বাধিক চৰ্চিত হৈছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰ সিং আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নাম৷ তাৰ বিপৰীতে bjp বিৰোধী ইলেক্টৰেল কলেজত বিভাজন প্ৰতিহত কৰিবলৈ বিৰোধী শিবিৰেও সহমতত এগৰাকী বৰ্ষীয়ান ৰাজনীতিকক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে৷ কিন্তু এই নিৰ্বাচনে bjpলৈ যে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে সেইটো নিশ্চিত৷ গতিকে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচন ৰাজনৈতিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপেও বিবেচিত হ’ব লাগিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambjpndapresidential electionUPA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ

ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ

কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব

কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.