মাজুলীৰপৰা ৰজনীকান্ত বৰদলৈঃ নিৰ্মীয়মান মাজুলী দলঙৰ প্ৰাৰম্ভণিতে লাগিছে কেণা৷ স্থানীয় ৰাইজ, জাতীয় সংগঠন, মাজুলীয়ানে ৰাজ্যৰ বহুচৰ্চিত নিমাতি-মাজুলী সংযোগী দলঙখনৰ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰিবলৈ বাধ্য হৈ পৰিছে৷
প্ৰাপ্ত তথ্যৰ মতে, ৫৬ টা খুঁটা বিশিষ্ট দলঙখনৰ ৮ আৰু ১০ নম্বৰ খুঁটা দুটাৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কামকাজত গুৰুতৰ বিসংগতি প্ৰত্যক্ষ কৰি মাজুলীৰ স্থানীয় ৰাইজ, দল-সংগঠন, জিলা উপায়ুক্তৰ লগতে স্থানীয় বিধায়কেও ক্ষুব্ধ হৈ উঠিছে৷
ক্ষুদ্ধ মাজুলীৰ স্থানীয় ৰাইজ, দল-সংগঠন, জিলা উপায়ুক্তৰ লগতে স্থানীয় বিধায়কে উক্ত দুয়োটা খুঁটাৰে প্ৰাৰম্ভিক কামকাজ সম্প্ৰতি বন্ধ কৰি ৰাখিছে৷
লগতে পঢ়ক কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’
প্ৰাপ্ত তথ্যৰ মতে মাজুলীৰ বহুপ্ৰত্যাশিত দলঙখন আঁসোৱাহপূৰ্ণভাৱে নিৰ্মাণকাৰী সংস্থা ইউপি ষ্টেট ব্ৰীজ ক’পৰেশ্যনে নিম্নমানৰ বালি, চিমেন্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ মাজুলীবাসীয়ে উত্থাপন হৈছে৷
এই অভিযোগৰ পিছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সঁজাতি দলে দক্ষিণপাটত চলি থকা দলঙৰ কাম পৰিদৰ্শনৰ কৰিবলৈ যায়৷ দলটোৱে পৰিদৰ্শন কালত নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা দলঙৰ খুঁটাসমূহত গুৰুতৰ বিসংগতি ধৰা পেলায়৷
এই কথাৰ খবৰ পায়ে মাজুলী জিলা উপায়ুক্ত পুলক মহন্ত আৰু বিধায়ক ভূৱন গাম নিৰ্মাণস্থলীত উপস্থিত হৈ সম্প্ৰতি বিশেষজ্ঞৰ দল উপস্থিত হৈ খুঁটা পৰীক্ষণ নকৰা পৰ্যন্ত সংশ্লিষ্ট খুঁটাৰ কাম বন্ধ কৰি ৰাখিছে।
লগতে পঢ়ক অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?
উল্লেখ্য যে মাজুলীবাসীৰ সপোনৰ দলঙখন ইউপি ষ্টেট ব্ৰীজ ক’পৰেশ্যনে নিৰ্মাণ কৰিছে৷ দলঙখন নিৰ্মাণত ছিংগাপুৰ, মালয়েছিয়াৰপৰা অনা অত্যাধুনিক প্ৰযুক্তিৰ কৌশল প্ৰয়োগ কৰা হ’ব৷
৫৬ টা খুঁটা বিশিষ্ট দলঙখনৰ ১০টা খুঁটাৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে আৰম্ভ কৰিছে৷ উক্ত দহটা খুঁটাৰ ৮ নং ১০ নং খুঁটা দুটাৰ প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্যতে বিংসগতি ধৰা পৰাত এতিয়া মাজুলীবাসী স্তম্ভিত হৈ পৰিছে৷
দলং নিৰ্মাণত জড়িত কৰ্মীয়ে উক্ত বিষয়টো গুৰুতৰ নহয় বুলি প্ৰকাশ কৰিছে যদিও স্পৰ্শকাতৰ বিষয়টোক আশ্বস্ত হ’ব পৰা নাই মাজুলীবাসী৷
এতিয়া মাজুলীবাসীৰ মনত উত্তৰ প্ৰদেশত ব্লেক লিষ্টেড কোম্পানী ইউ পি ষ্টেট ব্ৰীজ কনষ্ট্ৰাকশ্যন কোম্পানীটোৰ হাতত মাজুলীবাসীৰ সপোন মাজুলীৰ দলঙখনৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব নে বুলি প্ৰশ্ন উত্থাপন হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ