অসম লাইভ ২৪ঃ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে দুৰ্ভগীয়া যোচেফ মাৰাকে৷ বুধবাৰে দিনৰ ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে যোচেফে৷ শৰীৰত চেপ্তিক ফৰ্ম হোৱাৰ ফলত মৃত্যু হয় জোচেফ মাৰাকৰ৷ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই গাড়ীৰে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল যোচেফ মাৰাকক৷ চিকিৎসকে অস্ত্ৰোপচাৰ কৰি চিকিৎসকে কাটি পেলাইছিল ৰাজকন্যা কাণ্ডৰ ভুক্তভোগী যোচেফৰ দুয়োখন ভৰি৷ ২ অক্টোবৰত GMCH ত ভৰ্তি কৰোৱা হৈছিল যোচেফ মাৰাকক৷ দীৰ্ঘদিন ধৰি শয্যাগত অৱস্থাত থকাৰ বাবে বন্ধ হৈ পৰিছিল হাওঁফাওঁৰ ৰক্ত পৰিবাহী সিৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ