অসম লাইভ ২৪ঃ বিবাহপাশত আবদ্ধ হ’ল নোবেল বঁটা বিজয়ী সমাজকৰ্মী মালালা ইউছুফজাই। বৃহস্পতিবাৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ উচ্চপদস্থ বিষয়া এছাৰ মালিকৰ সৈতে বিবাহপাশত আবদ্ধ হয় মালালা। ইংলেণ্ডত অনুষ্ঠিত হোৱা নিকাহ অনুষ্ঠানত উপস্থিত থাকে দুয়োৰে পৰিয়ালৰ লোক। বিবাহৰ ফটো নিজৰ টুইটাৰ হেণ্ডেলত আপলোড কৰি সকলোৰে পৰা শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰে মালালাই। নাৰী শিক্ষা আৰু শান্তিৰ হকে কাম কৰি যোৱা মালালা ইউছুফজাই জন্মগ্ৰহণ কৰিছিল পাকিস্তানত৷ ২০১২ চনত তালিবানৰ আক্ৰমণৰ সন্মুখীন হৈছিল শান্তিৰ নোবেল বঁটাপ্ৰাপক মালালা৷
Today marks a precious day in my life.
Asser and I tied the knot to be partners for life. We celebrated a small nikkah ceremony at home in Birmingham with our families. Please send us your prayers. We are excited to walk together for the journey ahead.
📸: @malinfezehai pic.twitter.com/SNRgm3ufWP— Malala (@Malala) November 9, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ