অসম লাইভ২৪ঃ ২৫ এপ্ৰিলত মেষ ৰাশিত তৈয়াৰ হৈছে গজলক্ষ্মী যোগ। জ্যোতিষ অনুসৰি শুক্ৰ আৰু বৃহস্পতিৰ যুঁটিৰ ফলত এই যোগ তৈয়াৰ হৈছে। ২৫ এপ্ৰিল মেষ ৰাশিত শুক্ৰই প্ৰৱেশ কৰিব। ইয়াতেই ভ্ৰমণ কৰিছে বৃহস্পতিয়ে। যাৰ ফলত মঙলত মঙলৰ আধিপত্য যুক্ত মেষ ৰাশিত দৈত্য আৰু দেৱগুৰু দ্বয়ৰ যুঁটি হ’ব।
এই যুঁটিৰ কাৰণেই অতিশুভ গজলক্ষ্মী ৰাজযোগৰ সৃষ্টি হ’ব। ১ মে বৃহস্পতিৰ ৰাশি পৰিবৰ্তনৰ সৈতে শুভ যোগ ভংগ হ’ব। জ্যোতিষ গণনা অনুসৰি তিনি ৰাশিৰ জাতকৰ বাবে গজলক্ষ্মী ৰাজযোগ অত্যন্ত শুভ। তালিকাত কোন কোন?
মেষ ৰাশি
মেষ ৰাশিৰ লগ্ন স্থানত গজলক্ষ্মী ৰাজযোগ তৈয়াৰ হ’ব। এই ৰাশিৰ জাতকৰ জীৱনত আনন্দ আহিব। সমস্ত ক্ষেত্ৰত সাফল্য অৰ্জন কৰা সম্ভৱ হ’ব। সমাজত মান-সন্মান বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ। পদ-প্ৰতিষ্ঠা বাঢ়িব। ব্যৱসায়ীসকলেও লাভাম্বিত হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। পিতৃ-মাতৃৰ সহযোগিতা লাভ কৰিব। নিজৰ লক্ষ্য লাভত সফল হ’ব এই ৰাশিৰ জাতক। পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব।
মকৰ ৰাশি
গজলক্ষ্মী যোগ মকৰ ৰাশিৰ জাতকৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়। এই ৰাশিৰ জাতকে সুখ লাভ কৰিব। লক্ষ্মীৰ আৰাধনা কৰিলে প্ৰতি ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব। পদোন্নতিৰ প্ৰৱল সুযোগ আছে। শহুৰৰ ঘৰৰ পৰা আৰ্থিক সাহায্য অৰ্জন কৰিব পাৰে। কেৰিয়াৰত উন্নতি হ’ব। কামত মনোনিৱেশ কৰিব। ইয়াৰ ফলত লক্ষ্য লাভ কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে। কৰ্মক্ষেত্ৰত পদোন্নতি সম্ভৱ। পৰিয়ালৰ সৈতে ভাল সময় কটাব।
কুম্ভ ৰাশি
জ্যোতিষ অনুসৰি গজলক্ষ্মী যোগ কুম্ভ ৰাশিৰ জাতকৰ বাবে লাভজনক। জীৱনৰ প্ৰতিটো চেলেঞ্জ দূৰ হ’ব। লক্ষ্মীৰ আশীৰ্বাদত ভাগ্যৰ সংগ পাব। সমস্ত কামত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। সামান্য পৰিশ্ৰম কৰিলেই শুভ ফল পাব। পৰিয়ালৰ সৈতে ভাৱল সময় কটাব। চাকৰিয়াল জাতকৰ বাবে এই ৰাজযোগ অত্যন্ত শুভ। লক্ষ্মীৰ আশীৰ্বাদত আকস্মিক ধন লাভ কৰিব পাৰিব। ইয়াৰোপৰি সঞ্চয় কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ