আজি শনিবাৰ ১০ জানুৱাৰী ২০২৬ৰ নিশা পৃথিৱীৰ অত্যন্ত কাষত অৱস্থান কৰিব বৃহস্পতি গ্ৰহই৷ সৌৰজগতৰ ৯ গ্ৰহৰ ভিতৰত বৃহস্পতিক দিয়া হৈছে দেৱগুৰুৰ মৰ্যাদা৷ আজি নিশা বৃহস্পতিৰ অৱস্থান জ্যোতিৰ্বিজ্ঞানৰ দিশৰ পৰা উল্লেখনীয়৷ জ্যোতিষশাস্ত্ৰৰ দিশৰ পৰাও বেছ গুৰুত্বপূৰ্ণ এই দিনটো৷ জ্ঞানৰ প্ৰতীক গ্ৰহ দেৱগুৰু৷ আজি নিশা আকাশত স্পষ্টকৈ দেখা যাব বৃহস্পতিক৷ জ্যোতিষশাস্ত্ৰত বৃহস্পতিক ভাগ্য, খ্যাতি, সম্পদ, দীৰ্ঘায়ু আৰু উন্নতিৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ পৃথিৱীৰ ইমান কাষত বৃহস্পতিৰ অৱস্থানে চাৰি ৰাশিৰ জাতকৰ জীৱনলৈ অনুকূল প্ৰভাৱ কঢ়িয়াই আনিব৷ সৌভাগ্যৰ দুৱাৰ খুলিব কোন ৪ ৰাশিৰ জাতকৰ বাবে?
মেষ ৰাশি
বৃহস্পতিৰ প্ৰত্যক্ষ দৃষ্টিয়ে মেষ ৰাশিৰ জাতকৰ কেৰিয়াৰত অগ্ৰগতি আনি দিব৷ চাকৰিয়ালে নতুন সুযোগ পাব পাৰে৷ পদোন্নতি হোৱাৰ সুযোগ আছে৷ আপোনাৰ দীৰ্ঘ প্ৰতীক্ষিত মনোকামনা পূৰ্ণ হব পাৰে৷ বৃহৎ সুখবৰ পাব পাৰে৷ নতুন ব্যৱসায় লাভৰ বাবে এই সময় খুবেই ভাল সময়৷
সিংহ ৰাশি
বৃহস্পতিৰ এই অৱস্থান সিংহ ৰাশিৰ জাতকৰ বাবে শুভ হব৷ সামাজিক পৰিসৰত আপোনাৰ সন্মান বৃদ্ধি পাব৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ পৈতৃক সম্পত্তিৰ পৰা লাভ হব পাৰে৷ বিনিয়োগৰ বাবে এই সময় অত্যন্ত শুভ সময়৷ বিদেশলৈ যাবলৈ ইচ্ছা কৰা শিক্ষাৰ্থীসকলৰ সপোন পূৰ্ণ হোৱাৰ সুযোগ আহিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ বৃহস্পতিৰ সুপ্ৰভাৱে এই ৰাশিৰ জাতকৰ বাবেও শুভ ফল কঢ়িয়াই আনিব৷ আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু শক্তিশালী হব৷ ব্যক্তিত্বৰ উন্নতি হব৷ স্বাস্থ্য ভালে থাকিব আৰু দীৰ্ঘস্থায়ী অসুস্থতা ধীৰে ধীৰে দূৰ হব৷
কুম্ভ ৰাশি
বৃহস্পতিৰ এই অৱস্থানে কুম্ভ ৰাশিৰ বাবে নানান সুবিধা কঢ়িয়াই আনিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ ঋণ আৰু আৰ্থিক সমস্যাৰ সমাধান হব৷ আৰ্থিক লাভ সম্ভৱ হব৷ ঘৰত কোনো শুভ ঘটনা ঘটিব পাৰে৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















