জ্যোতিষশাস্ত্ৰ অনুসৰি ৯টা গ্ৰহৰ মাজত বৃহস্পতিক দেৱতাসকলৰ গুৰু হিচাপে বিবেচনা কৰা হয়৷ এই কাৰণেই এই গ্ৰহক দেৱতাসকলৰ গুৰু বুলি কোৱা হয়৷ জ্যোতিষশাস্ত্ৰত বৃহস্পতিৰ আশীৰ্বাদপ্ৰাপ্ত ব্যক্তিয়ে বুদ্ধিমত্তা, আয় আৰু দাম্পত্য জীৱন সফল হয়৷ দেৱগুৰু বৃহস্পতিক সকলোতকৈ শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি গুৰু বৃহস্পতিক সম্পদ, জ্ঞান, শিক্ষা, সুখ আৰু সমৃদ্ধিৰ কাৰক বুলি ধাৰণা কৰা হয়৷ যি ব্যক্তিৰ ৰাশিত বৃহস্পতিৰ শক্তিশালী অৱস্থান থাকে তেওঁলোকে কৰ্মজীৱনত উন্নতি, আৰ্থিক সমৃদ্ধি ইত্যাদিৰ দৰে বহু সুবিধা পায়৷
অন্যহাতে গুৰু বৃহস্পতি যদি কুণ্ডলীত কোনো অশুভ গ্ৰহৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া তেওঁ দুৰ্বল অৱস্থানত আছে সেয়া বুজিব৷ এই ক্ষেত্ৰত অৰ্থৰ ক্ষতি, ঘৰুৱা সমস্যা, পেছাগত জীৱনত অসুবিধাৰ সন্মুখীন হব পাৰে৷ যিসকলৰ ৰাশিচক্ৰত বৃহস্পতিৰ অৱস্থান শক্তিশালী তেওঁলোকে অপ্ৰত্যাশিত সুবিধা পায়৷ বৃহস্পতিয়ে ধনু আৰু মীন ৰাশিৰ অধিপতি৷ কিছু ৰাশিৰ জাতকৰ দেৱগুৰু সকলোতকৈ প্ৰিয়৷ জানি থওক কোন কোন ৰাশি সৌভাগ্যবান৷
বৃহস্পতিৰ সকলোতকৈ প্ৰিয় ৰাশি
কৰ্কট ৰাশি
কৰ্কট ৰাশিত বৃহস্পতিক উচ্চ বুলি ধাৰণা কৰা হয়৷ যিয়ে আভ্যন্তৰীণ শান্তি আৰু দৃঢ় পাৰিবাৰিক বন্ধন কঢ়িয়াই আনে বুলি ধাৰণা কৰা হয়৷
ধনু ৰাশি
ই বৃহস্পতিৰ নিজস্ব ৰাশি৷ যিয়ে ইতিবাচক আশা, দুঃসাহসিকতা আৰু জ্ঞানৰ প্ৰতি ভালপোৱাৰ দিশত পৰিচালিত কৰে৷
মীন ৰাশি
বৃহস্পতিৰ আৰু এক নিজস্ব ৰাশি মীন৷ ই এক অত্যন্ত শক্তিশালী স্থান হিচাপে বিবেচিত হয়৷ তাতেই বৃহস্পতিৰ প্ৰভাৱত সৃজনশীলতা আৰু নিৰাময় ক্ষমতা বৃদ্ধি কৰিব পাৰে৷
বৃহস্পতিৰ সৈতে কাৰ কাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক?
সিংহ ৰাশি
বৃহস্পতিৰ বাবে সিংহক বন্ধুত্বপূৰ্ণ ৰাশি হিচাপে বিবেচনা কৰা হয়৷ যিয়ে আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণাবলী বৃদ্ধিত সহায়তা কৰিব পাৰে৷
মেষ ৰাশি
মেষ ৰাশিত বৃহস্পতিৰ অৱস্থানক বন্ধুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ যিয়ে শক্তিশালী নেতৃত্ব আৰু আত্মবিশ্বাস আনিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















