সমগ্ৰ বিশ্বই তাক চিনি পায়৷ তাক লৈয়েই সৃষ্টি হৈছে অসংখ্য মিম৷ হয়তো তেনে কোনো মিম আপুনিও শ্বেয়াৰ কৰিছে৷ বিশেষ কুকুৰটোৰ মৰমলগা মুখখনে আপোনাৰ মুখতো হাঁহিৰ আভা নিশ্বয় বিয়পাইছে৷ বিশ্বৰ আটাইতকৈ সুখী কুকুৰটো আৰু নাই৷ মৃত্যু হৈছে জনপ্ৰিয় কুকুৰ কাবুছুৰ৷ ছিবা ইনু প্ৰজাতিৰ এই কুকুৰটো (Shiba Inu dog) ক্ৰিপ্টকাৰেন্সি ডগিকয়েনছৰ প্ৰতীক৷ কাবুছুৰ মৃত্যুত শোকাচ্ছন্ন নেটজগত৷ শুক্ৰবাৰে ডগিকয়েনৰ এক্স হেণ্ডেলত এই দুঃসংবাদ শ্বেয়াৰ কৰিছে৷ জনোৱা হৈছে কাবুছুয়ে তাৰ গৰাকীৰ কোলাতে শেষ নিশ্বাস ত্যাগ কৰিছে৷
ডগিকয়েনত উল্লেখ কৰিছে, ‘কাবুছুৰ বিশ্বত যি প্ৰভাৱ আছে সেই প্ৰভাৱ আজিলৈকে কোনো কুকুৰৰেই নাই৷ সি আনন্দপ্ৰিয় আছিল৷ খঙতকৈ প্ৰায় সময় সি আনন্দ কৰিয়েই কটাইছিল৷’ মিমৰ মুখ হিচাপে সমগ্ৰ পৃথিৱীয়ে চিনি পায় কাবুছুক৷ ৰসিকতাপূৰ্ণ কোনো কথা আহিলেই প্ৰায়সংখ্যক মিমাৰে তাৰ মুখ ব্যৱহাৰ কৰে৷ তাৰ মুখৰ পৰাই ক্ৰিপ্টকাৰেন্সি ডগিকয়েন আহিছে৷ যিয়ে মুহূৰ্ততে মানুহৰ মনো জয় কৰিছে৷ তৈয়াৰ হৈছে অসংখ্য ফেন৷
২০২২ চনত লিউকোমিয়া আৰু যকৃতৰ অসুখ ধৰা পৰিছিল কাবুছুৰ৷ এই ৰোগ ধৰা পৰাৰ দুবছৰ পাছতেই পৃথিৱীৰ পৰা বিদায় ল’লে বিশ্ব সুখী কুকুৰ কাবুছুয়ে৷ কাবুছুৰ গৰাকীয়ে জনাইছে যে আগন্তুক দেওবাৰ অৰ্থাৎ ২৬মেত নাৰিতা চিটিত কাবুছুৰ মৃত্যুত এক শোকপ্ৰস্তাৱ লোৱা হ’ব৷ শুই থকা অৱস্থাতেই প্ৰাণ হেৰুৱাইছে কাবুছুৱে৷ কিন্তু গৰাকীৰ মনত কাবুচু আজিও জীয়াই আছে৷ এতিয়াও তেওঁ অনুভৱ কৰে কাবুছুৰ সুখী সুখী লগা মুখখন, নেগুৰ লৰাই গাত গা ঘঁহাই ঘূৰি ফুৰা সময়খিনিক৷ এই কথা সোঁৱৰি আৱেগিকো হৈ পৰিছে কাবুছুৰ গৰাকী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ