ইণ্টাৰনেটৰ চাঞ্চল্য তথা অভিনেত্ৰী কাইলিয়া প’ছীৰ মৃত্যু হৈছে৷ মাত্ৰ ১৬ বছৰ বয়সতে ৱাশ্বিংটনত মোহময়ী অভিনেত্ৰীগৰাকীৰ মৃত্যু হৈছে৷ এই কৰুণ আৰু দুখজনক খবৰটো শ্বেয়াৰ কৰিছে কাইলিয়া মাতৃ মাক্ৰী প’ছী গেটাৰমেনে৷
সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত মাতৃ মাক্ৰীয়ে কয় যে আমাৰ অতি ধুনীয়া বেবী ছোৱালীজনীয়ে আমাক এৰি গুচি গ’ল৷
লগতে পঢ়ক কুকুৰেৰে এবাৰ যৌন সম্ভোগত ১৭ লাখ টকা! ১৪ বছৰ কাৰাবাস ঘোষণা আৰক্ষীৰ
‘‘মোৰ প্ৰকাশ কৰিবলৈ কোনো ভাষা নাই৷ ধুনীয়া কণমানি ছোৱালীজনী গুচি গ’ল৷ কাইলিয়াক হেৰুওৱাই শোক প্ৰকাশ কৰিবলৈ আমাক সময় দিয়ক৷’’ মাতৃ মাক্ৰীয়ে ফেইচবুকত এইদৰে লিখিছে৷
মাৰ্কিন সংবাদ পত্ৰত প্ৰকাশিত খবৰ মতে বুধবাৰে ৱাশ্বিংটনৰ বিৰ্খ বে’ ষ্টেট পাৰ্কত কাইলিয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷
লগতে পঢ়ক ‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য
উল্লেখ্য যে ২০১২ চনত মাত্ৰ ৫ বছৰ বয়সতে ‘ট’ড্ডলাৰ্ছ এণ্ড টিয়াৰাছ’ অভিনয় কৰি কাইলিয়া সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছিল৷ ইয়াৰ পিছতে তেওঁৰ হাঁহিমুখীয়া মুখখন বিশ্বৰ সামাজিক মাধ্যমৰ GIFৰ মধ্যমণি হৈ পৰে৷
অতি কম বয়সতে বহুমুখী প্ৰতিভাৰ স্বাক্ষৰ দিয়া কাইলিয়াই বাণিজ্যিক পাইলট হোৱাৰ আশাৰে এভিয়েচন স্কুলত অধ্যয়ন কৰি আছিল৷ কাইলিয়াই কিছুদিন পূৰ্বে মিছ টিন ৱাশ্বিংটন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈছিল৷
মাত্ৰ ১৬ বছৰ বয়সতে অভিনেত্ৰী কাইলিয়া প’ছীৰ মৃত্যুৰ খবৰে ইণ্টাৰনেটৰ পৃথিৱীত শোকৰ বন্যা বোৱাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ