অসম লাইভ ২৪ঃ কোভিডত আক্ৰান্ত হয় অভিনেত্ৰী কংগনা ৰানাৱট। শনিবাৰে ছ’চিয়েল মিডিয়াযোগে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে এই কথা। বৰ্তমান হোম কোৱাৰেণ্টিনত আছে কংগনা ৰানাৱট। ধ্যান কৰি থকা অৱস্থাত অভিনেত্ৰীগৰাকী ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি কংগনাই লিখে- ‘বিগত কিছু দিনৰ পৰা মই ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিছিলো আৰু সামান্য চকুৰ পোৰণি অনুভৱ কৰিছিলো। হিমাচল প্ৰদেশ যোৱাৰ আশাৰে কালি কোভিড টেষ্ট কৰিছিলো আৰু আজি ৰিজাল্টত পজিটিভ আহে। মই হোম কোৱাৰেণ্টিনত আছো। মোৰ শৰীৰত এই ভাইৰাছৰ অৱস্থিতিৰ উমান পোৱা নাছিলো। মোৰ বিশ্বাস যে মই সোনকালেই কোভিডমুক্ত হম’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ