অসম লাইভ২৪ঃ ধুমধামেৰে কন্যাক বিয়া দি বিদায় দিয়াটো ভাৰতীয় এক পৰম্পৰা৷ সেই কন্যাৰেই যেতিয়া বিচ্ছেদ হয় তেতিয়া কিন্তু কান্দোনেৰে ঘৰলৈ উভতি আহে অন্যথা বহুতে লোকসমাজৰ ভয়ত বিষয়টোকেই গাপ দিবলৈ যত্ন কৰে৷ এইবাৰ এগৰাকী পিতৃয়ে লৈছে ব্যতিক্ৰম পদক্ষেপ৷ কন্যাৰ বিবাহ বিচ্ছেদ হোৱাৰ খবৰ লাভ কৰিয়েই পিতৃয়ে ঘৰলৈ বেণ্ড পাৰ্টী মাতি ঢাক-ঢোল বজাই কন্যাক ঘৰলৈ উভতাই আনিছে৷ ঘটনা উত্তৰপ্ৰদেশৰ কানপুৰৰ৷ পেছাত চৰকাৰী কৰ্মচাৰী৷ ব্যক্তিগৰাকীৰ নাম অনিল কুমাৰ৷ অনিল কুমাৰৰ কন্যাৰ বিবাহ বিচ্ছেদ হৈছে৷ কন্যাক এদিন যেনেকৈ কলপুলিৰ তলেৰে বেণ্ডপাৰ্টী বজাই বিদায় দিছিল তেনেকৈয়ে উভতি আহোতেও ৰাজকীয় আয়োজনেৰে আদৰিছে পিতৃয়ে৷ কন্যাই বিচ্ছেদ হৈছে বুলিয়েই যাতে এই সমাজত মুখ লুকুৱাই জীয়াব নালাগে তাৰবাবে পিতৃ আগুৱাই আহিছে৷
কন্যাই মূৰ তুলি এই সমাজত জীয়াব লাগিব৷ বিচ্ছেদতেই জীৱন শেষ নহয় অথৱা বিচ্ছেদ কোনো লাজ কৰিবলগীয়া বিষয়ো নহয়৷ পিতৃয়ে চুবুৰীয়াক বুজাই দিছে তেওঁৰ কন্যাই বিবাহবিচ্ছেদ দি কোনো অপৰাধ কৰা নাই বৰঞ্চ মুক্ত এক জীৱনৰ দিশে এখোজ আগুৱাই দিছে৷ তাৰবাবেই এই ৰাজকীয় আয়োজন কৰিছে বুলিও জনাইছে পিতৃ আনিলে৷ পিতৃ-মাতৃৰ এই পদক্ষেপক লৈ কন্যাও সুখী৷
এই প্ৰসংগত অনিলে কয়, ‘মই মোৰ কন্যাক উভতাই আনিছো৷ তাইক মই যেনেকৈ বিদায় দিছিলো তেনেকৈয়ে ঘৰলৈকো উভতাই আনিছো৷ আমি বিচাৰো তাই মূৰ তুলি জীয়াই থাকক৷ কন্যাক ঘৰলৈ অনাৰ বাবেই মই এই বেণ্ডপাৰ্টীৰ ব্যৱস্থা কৰিছিলো৷ সমাজক মই এটি ইতিবাচক বাৰ্তা দিব খোজো৷ বিচ্ছেদৰ পাছত কন্যাক কেতিয়াও পিতৃ পৰিয়ালে উপেক্ষা কৰিব নালাগে৷ উপেক্ষাৰ পৰিবৰ্তে নতুন জীৱন আৰম্ভ কৰিবৰ বাবে উৎসাহিত কৰা উচিত৷’
ইপিনে কন্যাক আদৰি উৰভিত মাতৃ কুছুমলতাই কয়, ‘মই আৰু মোৰ কন্যা আৰু নাতিনীৰ সৈতে একেলগে থাকিম৷ খুব ভাল লাগিছে৷ এই সময় আমাৰ বাবে সুখৰ সময়৷ এই সময়, এই সুখ আমি ভগাই ল’ব খুজিয়েই এই আয়োজন কৰিছো৷’ অনিলৰ এগৰাকী চুবুৰীয়াই এই সন্দৰ্ভত কয়, ‘আমি ভাৱিছিলো উৰভিৰ দ্বিতীয় বিবাহ বুলি৷ কিন্তু পাছতহে গম পাও নহয়৷ আমি অনিলৰ এই কৰ্মত সুখী হৈছো, তেওঁৰ চিন্তাত আমি অভিভূত হৈছো৷ কন্যাগৰাকী সুখত থাকক আমিও তাকেই কামনা কৰো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















