২টা নহয় ৫ টা সন্তানৰ মাতৃ কৰিশ্মা, ৰাষ্ট্ৰীয় টেলিভিছনত অভিনেত্ৰীয়ে নিজেই ক’লে এই কথা
ভাৰতীয় চিনেমাজগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মাৰ জনপ্ৰিয়তাৰ কথা সকলোৱে জানে। অভিনেত্ৰীগৰাকীয়ে হিন্দী চিনেমাজগতক দিছে বহু ছুপাৰহিট ছবি। গোবিন্দা-ছলমানৰ সৈতে যুটি বান্ধি কৰা কেইবাখনো চিনেমাৰ ডাইলগ আজিয়ো অনুৰাগীৰ মুখে মুখে।
সেইগৰাকী কৰিশ্মাৰ আছে দুটি সন্তান। পাছে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সদ্যহতে কৰিশ্মাই সদৰি কৰে কৰিশ্মা দুটি নহয় বৰঞ্চ ৫ সন্তানৰ মাতৃ। ৫ টা সন্তান আছে কৰিশ্মাৰ। সকলোতকৈ ডাঙৰ সন্তান কৰিশ্মাতকৈ কেৱল মাত্ৰ ৭ বছৰে সৰু।
হয় ঠিকেই ধৰিছে এই ৭ বছৰে সৰু সন্তান বেবো। কৰিশ্মাৰ ভগ্নী কৰীণাক সকলোতকৈ ডাঙৰ সন্তান বুলি অবিহিত কৰিছে। বৰ্তমানে ইণ্ডিয়াছ বেষ্ট ডান্স চিজন ৪ ৰ বিচাৰকৰ আসনত বহি আছে। সেই অনুষ্ঠানতে এই বিষয়ে কয় কৰিশ্মাই।
ইয়াৰ লগতে ইয়াকো কয় যে, কৰীণা সকলোতকৈ ডাঙৰ সন্তান হোৱাৰ বিপৰীতে আন ৪ সন্তানৰ দুটি নিজৰ আৰু বাকি দুটি কৰীণাৰেই সন্তান তাইমুৰ আৰু জেহ।
কেউটিকে নিজৰ সন্তান বুলি ভাৱে কৰিশ্মাই। তেনেদৰে কৰিশ্মাকো বিচাৰে ভগ্নী কৰীণাৰ লগতে কৰিশ্মাৰ দুই সন্তান আৰু জেহ তাইমুৰেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ