কৰ্নাটকৰ মুখ্যমন্ত্ৰীক উচ্চ ন্যায়ালয়ৰ ডাঙৰ আঘাত, ভূমি কেলেংকাৰীৰ গোচৰ
কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ বিৰুদ্ধে মহীশূৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ ভূমি কেলেংকাৰীৰ গোচৰত গোচৰ চলোৱাৰ অনুমোদন প্ৰদানৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সিদ্ধাৰমাইয়াৰ আবেদন খাৰিজ কৰিছে।
১২ ছেপ্টেম্বৰত এই গোচৰৰ শুনানি সমাপ্ত কৰি উচ্চ ন্যায়ালয়ে নিজৰ নিৰ্দেশ সংৰক্ষণ কৰি ৰাখিছিল। আজি ২৪ ছেপ্টেম্বৰ তাৰিখে ন্যায়াধীশ এম নাগপ্ৰসন্নৰ একক বিচাৰপীঠে এই গোচৰত ৰায় দিয়ে। ন্যায়াধীশ এম নাগাপ্ৰসন্নৰ বিচাৰপীঠে ৰায় দিয়ে যে ৰাজ্যপালে “স্বাধীন সিদ্ধান্ত” ল’ব পাৰে আৰু গেহলটে “নিজৰ মন সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিছে” । ই কোনো ভুল নহয়”।
ৰাজ্যপালৰ নিৰ্দেশৰ বৈধতাক প্ৰত্যাহ্বান জনাই ১৯ আগষ্টত ছিদ্দাৰমাইয়াই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। ৰাজ্যপালৰ নিৰ্দেশ বাতিল কৰিবলৈ অনুৰোধ জনোৱা আবেদনত মুখ্যমন্ত্ৰীয়ে কৈছিল যে অনুমোদন আদেশটো চিন্তা নকৰাকৈয়ে জাৰি কৰা হৈছে আৰু ই বিধিগত নিয়ম উলংঘা কৰিছে।
মহীশূৰ নগৰ উন্নয়ন কৰ্তৃপক্ষই ছিদ্দাৰমাইয়াৰ বিৰুদ্ধে পত্নীক ১৪টা প্লট আবণ্টন দিয়াৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল। কৰ্ণাটকৰ বিৰোধী ভাৰতীয় জনতা পাৰ্টিয়ে অভিযোগ উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ পত্নী পাৰ্ৱতীক তেওঁৰ মালিকানাধীন প্ৰায় চাৰি একৰ মাটি ‘অধিগ্ৰহণ’ কৰাৰ বিনিময়ত এটা আড়ম্বৰপূৰ্ণ অঞ্চলত বিকল্প মাটি ‘অবৈধভাৱে’ আবণ্টন দিছে।
মুখ্যমন্ত্ৰী ছিদ্দাৰমাইয়াই তেঁওৰ বিৰুদ্ধে উঠা এই অভিযোগ নাকচ কৰি কয় যে তেওঁৰ পত্নীয়ে পূৰ্বৰ বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা ‘৫০:৫০ অনুপাত’ আঁচনিৰ অধীনত বিকল্প ভূমিৰ অধিকাৰী আছিল কাৰণ নগৰ উন্নয়ন কৰ্তৃপক্ষই তেওঁৰ মাটি অধিগ্ৰহণ নকৰাকৈয়ে প্লট কৰ্টন কৰিছিল।
এই আঁচনিৰ অধীনত যদি কোনো ব্যক্তিৰ এক একৰ অবিকশিত ভূমি অধিগ্ৰহণ কৰা হয়, তেন্তে তেওঁ বিনিময়ত এক চতুৰ্থ একৰ উন্নত ভূমি লাভ কৰিব।
মহীশূৰৰ বাসিন্দা ছিদ্দাৰমাইয়াইও দাবী কৰিছিল যে বিকল্প মাটি তেওঁৰ পত্নীক পূৰ্বৰ বিজেপি চৰকাৰৰ সময়ত দিয়া হৈছিল, মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















