অসম লাইভ২৪ঃ এতিয়াও কৰ’নাৰ কথাবোৰ পাহৰিব পৰা নাই দেশবাসীয়ে। তাৰমাজতেই এইবাৰ আন এটা ভাইৰাছৰ আতংকই কঁপাইছে দেশক। আকৌ লকডাউন সদৃশ পৰিবেশে বিৰাজ কৰিছে দেশত। নিপা’ ভাইৰাছৰ আতংকেই কঁপাইছে দেশবাসীক। কেৰালাত নিপা’ ভাইৰাছত প্ৰাণ গৈছে এজনৰ পাছত আনজন লোকৰ। বৰ্তমানলৈকে দুজন ব্যক্তিয়ে মৃত্যুক সাবটি লোৱা বুলি জনাইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই। ইতিমধ্যে নেশ্ব্যনেল ইনষ্টিটিউট অৱ ভাইৰোলজিৰ এটা টিমে কেৰালাত উপস্থিত হৈ ঘটনা জনতাক সজাগ কৰা কৰাৰ চেষ্টা চলাইছে।
কি কৈছে কেৰালা চৰকাৰে?
নিপা’ ভাইৰাছত লৈ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে কয়, ‘কেৰালাত যি নিপা ভাইৰাছ পোৱা গৈছে সেয়া বাংলাদেশী ভেৰিয়েণ্ট। এই ভাইৰাছ এজনৰ পৰা আনজনৰ শৰীৰলৈ সংক্ৰমিত হয়। এই ভাইৰাছত আক্ৰান্ত হ’লে মৃত্যু পৰ্যন্ত হ’ব পাৰে। কিন্তু কৰ’নাতকৈ এই ভাইৰাছ কম সংক্ৰামক।’
নেশ্ব্যনেল ইনষ্টিটিউট অৱ ভাইৰোলজি বা NIVয়েই নহয় কেৰালাৰ মহামাৰী বিশেষজ্ঞৰ এটা দলে চেন্নাইত ছাৰ্ভে কৰিছে বুলিও জনাইছে বীণা জৰ্জে। ইয়াৰোপৰি নিপা’ আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ ‘মেনোক্লোনাল এণ্টিবডি’ প্ৰদান কৰিব চৰকাৰে। নিপা’ আক্ৰান্তসকলৰ সংস্পৰ্শত অহাসকলকো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে চৰকাৰে। সংক্ৰমণ যাতে আৰু বৃদ্ধি নাপায় তাৰবাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে চৰকাৰে। বৰ্তমানলৈকে কেৰালাৰ সাতখন গাওঁ পঞ্চায়ত আনআনটেৰি, মাৰুথনাকাৰা, তিৰুভাল্লুৰ, কুত্তিয়াদি, কায়কোডী, ভিল্লিয়াপল্লী আৰু কাবিলুমপাড়াক কনটেণ্টমেণ্ট জ’ন ঘোষণা কৰিছে কেৰালা চৰকাৰে।
সাধাৰণ মানুহক আতংকিত নহ’বলৈ আহ্বান
নিপা’ ভাইৰাছক লৈ অযথা আতংকিত হোৱাৰ বাবে কোনো কাৰণ নাই, কেৱল সতৰ্কতা অৱলম্বন কৰি চলক বুলিও জনাইছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ পক্ষৰ পৰা এই কথা জনোৱা হৈছে। যাৱতীয় পদক্ষেপো গ্ৰহণ কৰিছে প্রশাসনে। অযথা আতংকিত হোৱাৰ প্ৰয়োজন নাই।
নিপা’ ভাইৰাছৰ উপসৰ্গ
এই ভাইৰাছৰ পৰা জ্বৰ, শ্বাসকষ্ট, মূৰৰ বিষ, কফ, বমি বমি ভাৱে ক্ৰিয়া কৰে।
কেনেকৈ এই ৰোগ বিয়পি পৰে?
সাধাৰণতে বাদুলীয়ে খোৱা ফল খালেও নিপা’ ভাইৰাছ শৰীৰলৈ বিয়পে।
নিপা’ ভাইৰাছৰ চিকিৎসা কেনেকৈ কৰা হয়?
সাধাৰণতে নিপা’ ভাইৰাছৰ বাবে পৃথককৈ নিজা কোনো চিকিৎসা কৰাৰ প্ৰয়োজন নাই। উপসৰ্গৰ ওপৰত ভিত্তি কৰি নিপা ভাইৰাছৰ চিকিৎসা কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ