কেৰালা উচ্চ ন্যায়ালয়ে মঙলবাৰে এক শক্তিশালী নজিৰ গঢ়ি তুলিলে৷ পিতৃ-মাতৃয়ে বলপূৰ্বকভাৱে বিচ্ছেদ কৰাৰ পিছত এহাল লেচবিয়ান দম্পতী অধিলা নাছাৰিন আৰু ফতিমা নুৰাক একেলগে থাকিবলৈ অনুমতি দিয়ে।
অধিলা আৰু ফতিমাই কেৰালা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যে পৰিয়ালে তেওঁলোকক দুয়োকে বলপূৰ্বকভাৱে বিচ্ছেজ কৰিছিল৷ লেচবিয়ান দম্পতী হালে অভিযোগ কৰা মতে ফাতিমা পৰিয়ালে ‘অপহৰণৰ ভুৱা গোচৰৰ দি তেওঁলোকক বিচ্ছেদ কৰাইছিল৷
উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আৰু চি জয়চন্দ্ৰনৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে লেচবিয়ান দম্পতীহালক পুনৰ মিলন কৰোৱাই দিয়ে৷
লগতে পঢ়ক মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ
ন্যায়াধীশদ্বয়ে লেচবিয়ান দম্পতীহালক তেওঁলোকে একেলগে থাকিব বিচাৰে নেকি বুলি প্ৰশ্ন কৰে আৰু ইয়াৰ উত্তৰত তেওঁলোকে দৃঢ়তাৰে একেলগে থাকিব বিচাৰে বুলি ন্যায়ালয়ক কয়৷ ইয়াৰ পিছত আদালতে দম্পতীহালক পুনৰ আইনী প্ৰক্ৰিয়াৰে একত্ৰিত কৰাত সহায় কৰে৷
আলুভাৰ বাসিন্দা অধিলা (২২) আৰু কোঝিকোডেৰ বাসিন্দা ফাথিমা (২৩)ৰ মাজত চৌদি আৰৱত স্কুলীয়া দিনৰ পৰাই সম্পৰ্ক আছিল। যোৱা ১৯ মে’ত তেওঁলোকে পিতৃ-মাতৃৰ ওচৰলৈ উভতি আহি ঘৰত মানসিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ পিছত পলায়নৰ সিদ্ধান্ত লয়৷
তেওঁলোকে কোঝিকোডস্থিত প্ৰান্তীয় সম্প্ৰদায়ক সমৰ্থন কৰা বেচৰকাৰী সংস্থা ভানাজা কালেকটিভত আশ্ৰয় বিচাৰিছিল। দুয়োটা পৰিয়ালে তেওঁলোকৰ পিছে পিছে গৈ বনাজা কালেকটিভৰ পৰা লৈ আনি তেওঁলোক পুনৰ পৃথক কৰিবলৈ বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰে।
লগতে পঢ়ক বিকিনি পিন্ধা কোন এই মডেল? লয়লাস ভংগীমাৰে বৰফত খোজ
অধিলাৰ পিতৃ-মাতৃয়ে সমৰ্থনৰ অভিনয় কৰি তেওঁলোকৰ সম্পৰ্কক গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক পৃথক কৰি আলুভাৰ অধিলাৰ আত্মীয়ৰ ঘৰলৈ লৈ যায়৷ ইফালে, ফাতিমাৰ পিতৃ-মাতৃয়ে থামাৰাছেৰী আৰক্ষী থানাত অধিলাই তেওঁলোকৰ কন্যাক অপহৰণ কৰাৰ অভিযোগত ভুৱা অভিযোগ দাখিল কৰে।
প্ৰাপ্তবয়স্ক লেচবিয়ান দম্পতীহালে একেলগে থাকিবলৈ বাছি লোৱাৰ কথা জানিব পাৰি আৰক্ষীয়ে সেই অভিযোগ খাৰিজ কৰে। কিন্তু যোৱা ২৪ মে’ত ফাতিমাৰ পৰিয়ালে বলপূৰ্বকভাৱে নিজৰ কন্যাক অধিলাৰ পৰা কাঢ়ি লৈ যায়।
কিন্তু ৩১ মে’ৰ কেৰলা উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে লেচবিয়ান দম্পতীহালে দুয়োটা পৰিয়ালৰ বাধা নেওচি পুনৰ একত্ৰিত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ